NORTHEAST NOW (Assamese)

স্বাস্থ্য সমস্যাৰ বাবে আগন্তুক ছিকিম ভ্ৰমণ বাতিল কৰিলে দালাই লামাই

February 3, 2018 11:55 am · এন ই নাও নিউজ
Updated: February 3, 2018 3:13 pm
১৪সংখ্যক দালাই লামা তেনজিন গিয়েতছ’ৰ ফাইল ছবি।

তিব্বতী আধ্যাত্মিক নেতা দালাই লামাই শুকুৰবাৰে তেওঁৰ আগন্তুক ছিকিম ভ্ৰমণ বাতিল কৰিছে। দালাই লামাৰ ছিকিম ভ্ৰমণৰ কাৰ্যসূচী অহা মাহত হোৱাৰ কথা আছিল।

এই তাৎক্ষণিক সিদ্ধান্তটো গ্ৰহণ কৰিছে চিকিৎসকে আধ্যাত্মিক নেতাগৰাকীক তেওঁৰ বয়সৰ প্ৰতি সকীয়াই দি ভ্ৰমণৰ কাৰ্যসূচীসমূহ হ্ৰাস কৰিবলৈ পৰামৰ্শ দিয়াৰ পিছতে।

ছিকিমৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ এগৰাকী বিষয়া ছেমটেম ডোলমাই দালাই লামাৰ কাৰ্যালয়ৰ সচিব টেনজেন টাকলাহাৰ পৰা  এখন মেইল লাভ কৰিছে। মেইলখনত কোৱা হৈছে যে আধ্যাত্মিক নেতাগৰাকীয়ে অহা ২০ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈকে আগন্তুক ছিকিম ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সক্ষম নহয়।

চিকিৎসকসকলে আধ্যাত্মিক নেতাগৰাকীক তেওঁৰ বৰ্দ্ধিত বয়সৰ পৰিপ্ৰেক্ষিতত ভ্ৰমণসূচী হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছে আৰু অতিৰিক্ত ভ্ৰমণে তেওঁৰ শৰীৰত প্ৰভাৱ পেলাব পাৰে। ডোলমাই মেইলখনত এনেদৰে বাখ্যা আগবঢ়াইছে।

এই ভ্ৰমণে আধ্যাত্মিক নেতাগৰাকীৰ বয়স্ক শৰীৰত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। চিকিৎসকসকলৰ মতে ইতিমধ্যে ক্লান্তিৰ ছাপ পৰিছে আধ্যাত্মিক নেতাগৰাকীৰ শৰীৰত।

৮২ বছৰ বয়সীয়া বৌদ্ধ আধ্যাত্মিক নেতাগৰাকীয়ে দুমাহ ধৰি দেশখনৰ বিভিন্ন স্থান ভ্ৰমণ কৰি ধৰ্মশালালৈ উভতি আহিছিল।

 

Related News