NORTHEAST NOW (Assamese)

সৰভোগত অনুষ্ঠিত হৈছে বিদ্যালয় পৰ্যায়ৰ জ্ঞান-বিজ্ঞান মেলা

March 21, 2018 8:09 pm · ইয়াছিন আলী
প্ৰতিনিধিত্বমূলক ফটো

দেওবাৰৰ পৰা বৰপেটা জিলাৰ সৰভোগত ৰাষ্ট্ৰীয় আৱিস্কাৰ অভিযানৰ সৌজন্যত সৰভোগৰ ৪৫ নং উত্তৰ গনক গাড়ী নিম্ন বুনিয়াদী বিদ্যালয়ত জ্ঞান বিজ্ঞান মেলা চলি আছে  ।

এই মেলাত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

বিজ্ঞান মেলাত ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত জাউকাপাৰা আৰু উত্তৰ গনক গাড়ী মণ্ডল সমল কেন্দ্ৰই যোগদান কৰে। ইয়াৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়ে হাতে কামে বিজ্ঞানৰ আৰ্হি কিছুমান প্ৰস্তুত কৰি দেখুৱায়।

উক্ত বিজ্ঞান মেলাত অংশগ্ৰহণ কৰা শিক্ষানুষ্ঠানসমূহৰ ভিতৰত আছে ক্ৰমে ৰূপসী উচ্চ মাধ্যমিক বিদ্যালয়, ৰহা ছোৱালী মধ্য ইংৰাজী বিদ্যালয়, ডেকাৰবড়ী মধ্য ইংৰাজী বিদ্যালয়, নৱজাগৰণ এম ই স্কুল, মধ্য বৰনগৰ এম ই স্কুল, চকচকা চৰকাৰী মজলীয়া বিদ্যালয়, ৪৫ নং উত্তৰ গনক গাড়ী নিম্ন বুনিয়াদী বিদ্যালয়।

এই মেলাই ছাত্ৰ ছাত্ৰীৰ মনত বিজ্ঞান আৰু আৱিষ্কাৰৰ বীজ ৰোপন কৰিব বুলি উপস্থিত থকা শিক্ষক, অভিভাৱককে ধৰি বিভিন্নজনে আশা ব্যক্ত কৰিছে।

Related News