NORTHEAST NOW (Assamese)
অসম

বনৰীয়া হাতীৰ গচকত মাঘেৰিটাত মহিলাৰ মৃত্যু

Posted by: অভিক চক্ৰবৰ্তী March 21, 2018 8:07 pm
Wild Elephant tramples women to death

তিনিচুকীয়া জিলাৰ মাঘেৰিটাৰ ডিৰাক চাহ বাগিচাত আজি পুৱা এগৰাকী ৭০ বয়সীয়া মহিলাই বনৰীয়া হাতীৰ গছক মৃত্যুক সাবটিব লগীয়া হয়। নিহত মহিলাগৰাকীক বাগিচাখনৰ ছোনাই তাঁতি বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে দুৰ্ভগিয়া ছোনাই তাঁতিয়ে নিজ গৃহত অকলে শুই থকা অৱস্থাত এটা বনৰীয়া হাতীৰ জাক আহি তেওঁৰ ঘৰ টহিলং কৰাৰ লগতে মহিলাগৰাকীৰ ওপৰতো আক্ৰমণ কৰাত বৃদ্ধ মহিলা গৰাকীৰ থিতাতে মৃত্যু হয়।

পিছত নিহত মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হয়।

উল্লেখযোগ্য যে এইটোৰে সৈতে জিলাখনত যোৱা ২৪ ঘণ্টাত দ্বিতীয়টো এনে ঘটনা সংঘটিত হৈছে। আনটো ঘটনা কালি জাগুণত সংঘটিত হৈছিল য’ত ৪৪ বয়সীয়া এগৰাকী মহিলাৰ বনৰীয়া হাতীৰ গচকত মৃত্যু হৈছিল।

ঘটনাস্থলিত উপস্থিত হোৱা মাঘেৰিটাৰ বনাঞ্চলিক বিষয়া পি সিঙে কয় যে বনৰীয়া হাতীৰ জাকটো আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল।

বনকৰ্মীৰ অভাৱৰ হেতুকে প্ৰত্যেকখন গাঁৱতে পহৰা দিয়াটো যথেষ্ট কঠিন বুলি উল্লেখ কৰি তেওঁ কয়, ‘হাতীৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে আমি গাঁও পৰ্যায়ত এখন সমিটি গঠন কৰিছো। ইয়াৰ উপৰি গাঁৱৰ লোকসকল লৈ আমি ফটকা আৰু টৰ্চ লাইট প্ৰদান কৰিছে।’

বনাঞ্চলিক বিষয়া গৰাকীয়ে বনাঞ্চলৰ ক্ৰমবৰ্ধমান সংকোচনৰ ফলতে হাতী মানুহৰ সংঘাট বৃদ্ধি পাইছে বুলি উল্লেখ কৰি আৰু কয় যে বনৰীয়া হাতীয়ে চলাচল কৰা পথত হোৱা বেদখলৰ বাবে বনৰীয়া হাতীয়ে নিজৰ বিচৰনস্থলি হেৰুৱাই মানুহ থকা ঠাইত বিচৰন কৰিবলৈ বাধ্য হৈছে।