NORTHEAST NOW (Assamese)

সৰভোগৰ দহলাপাৰাত পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱক

June 30, 2018 7:18 am · এন ই নাও নিউজ

বৰপেটা জিলাৰ সৰভোগৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰাত শুকুৰবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত স্কুটী আৰোহী দুজন যুৱক থিতাতে নিহত হয়।

জানিব পৰা মতে তীব্ৰবেগী ট্ৰাক এখনে প্ৰথমে এখন স্কুটীত খুন্দিয়ায়। ইয়াৰ পিছতে এ এছ ১৬ চি ৬৭৯৯ নং আন এখন তীব্ৰবেগী ট্ৰাকে আগৰ ট্ৰাকখনত খুন্দিয়ায়। এনেদৰে সংঘটিত হোৱা ভয়াবহ দূৰ্ঘটনাটোত স্কুটী আৰোহী যুৱক দুজন থিতাতে নিহত হয়।

নিহত যুৱক দুজনক সৰভোগৰ আৰক্ষী থানাৰ অন্তৰ্গত নিজ দমকাৰ ধ্ৰুৱজ্যোতি দাস (২০)আৰু ৰমো দাস (১৯) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে স্কুটীখন নাম্বাৰ প্লেট বিহীন আছিল বুলি জানিব পৰা গৈছে। ইপিনে দুৰ্ঘটনাটো সংঘটিত কৰি ট্ৰাকখন পলায়ন কৰে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত বহুসময় ধৰি ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে।  ঘটনাৰ খৱৰ পাই সৰভোগ থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰি দিয়ে।

Related News