NORTHEAST NOW (Assamese)

সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দূৰ্ঘটনা, এজন নিহত

February 21, 2018 11:34 pm · এন ই নাও নিউজ

সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পশ্চিম বৰনগৰত আজি পুৱা সংঘটিত এক শোকাৱহ পথ দূৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়।

জানিব পৰা অনুসৰি কোকৰাঝাৰৰ পৰা আহি থকা এ এছ ১৯ এ চি ০১১৯ নম্বৰৰ বলেৰ গাড়ী এখনে পিছফালৰ পৰা এ এছ ১৫ বি ৬৭৩৮ নম্বৰৰ হিৰো হোন্দা মটৰচাইকেল খনক খুন্দিওৱাৰ ফলতে উক্ত দূৰ্ঘটনাটো সংঘটিত হয়।

দূৰ্ঘটনাটোৰ ফলত মৃত্যু হোৱা লোকজনক ফেহুৰাখোৱা গাঁৱৰ প্ৰবীন দাস বুলি চিনাক্ত কৰা হৈছে। মৃত প্ৰবীন দাস ভাৰতীয় সামৰিক বাহিনীৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান আছিল।

প্ৰাপ্ত তথ্য মতে লোকজনে তেওঁৰ কন্যা তথা চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী ভিতালী দাসক আজি পুৱা মটৰচাইকেলেৰে পশ্চিম বৰনগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰলৈ আনি আছিল। ছাত্ৰী গৰাকীৰ আজি অসমীয়াৰ পৰীক্ষা আছিল।

দূৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দুয়ো গৰাকীকে সৰভোগৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে পৰিয়ালৰ লোকক গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ বাবে পৰামৰ্শ দিয়ে।

আনহাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ আনি থকা অৱস্থাতে প্ৰবীন দাসৰ মৃত্যু হয়।

Related News