NORTHEAST NOW (Assamese)

সৰুসজাইত ২৬ জুনৰ পৰা আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক চেম্পিয়নিশ্বপ

June 13, 2018 5:36 pm · এন ই নাও নিউজ
Updated: June 13, 2018 6:01 pm

গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া ৫৮ সংখ্যক আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক চেম্পিয়নিশ্বপৰ বাবে সজাই তোলা হৈছে সৰুসজাই ষ্টেডিয়াম।

উল্লেখযোগ্য যে  ২৬ জুনৰ পৰা ২৯ জুনলৈ সৰুসজাই ষ্টেডিয়ামত এই ৫৮ সংখ্যক আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক চেম্পিয়নিশ্বপ  অনুষ্ঠিত হ’ব। আৰু এই প্ৰতিযোগিতাৰ পৰাই জাকাৰ্টা এছিয়ান গেমছলৈ ভাৰতীয় দন নিৰ্বাচিত কৰা হ’ব।

আনহাতে ভাৰতৰ ৬০০ এথলীটে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। তাৰে ভিতৰত থাকিব ১৪০ গৰাকী তাৰকা এথলীট।

প্ৰাপ্ত তথ্য মতে প্ৰতিযোগিতাখনৰ সকলো খৰচ অসম চৰকাৰে বহন কৰিব। লগতে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি প্ৰতিযোগিতাৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে থাকিব হিমা দাস।

ইতিমধ্যে ফিনলেণ্ড আৰু পোলেণ্ডত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা এথলীটসকলে ২১ জুনত গুৱাহাটীত উপস্থিত হ’বহি।

ইফালে অসমত প্ৰথমবাৰৰ বাবে হ’বলগীয়া ছিনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপত ২২ টা ইভেণ্ট থাকিব বুলি আজি এক সংবাদমেলৰ জৰিয়তে আয়োজক কমিটীৰ সভাপতি লক্ষ্য কোঁৱৰে জানিবলৈ দিয়ে।

Related News