NORTHEAST NOW (Assamese)

সমৰকলাত সৰ্বভাৰতীয় স্তৰত সন্মান লাভ নগাঁৱৰ হাতীচোঙৰ দুই কৃতীমানৰ

May 21, 2018 1:20 pm · মিন্টূ দাস

উত্তৰ প্ৰদেশৰ আগ্ৰাত ১৬-১৮ মে’ লৈ অনুষ্ঠিত হোৱা হ’পকোৱাণ্ডু সমৰকলাৰ ৰাষ্ট্ৰীয় চেম্পিয়ন শ্বিপত অসমক প্ৰতিনিধিত্ব কৰি পদক অৰ্জনেৰে পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে দুজনকৈ নগাঁওৰ প্ৰতিভাৱান সমৰ কলাবিদে।

ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান কৎইয়াই অনা এই কৃতীমান দুগৰাকী হ’ল ক্ৰমে নৱনীত বৰা(১৪)আৰু অনুৰাগ লস্কৰ(১৩)।

মালেয়েছিয়াৰ জনপ্ৰিয় হ’পকুৱাণ্ডু সমৰ কলাৰ ৫০-৫৪ কেজি শাখাত নৱনীত বৰাই দৰ্শনীয় প্ৰদৰ্শনেৰে ৰূপৰ পদক আৰু ৪০ কেজি অনুৰ্ধ্বৰ শাখাত অনুৰাগ লস্কৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

নৱনীত নগাঁৱৰ হাতীচোং কুঁজীডাহ নিবাসী মুকুল বৰা আৰু পাপৰি বৰাৰ পুত্ৰ আৰু অনুৰাগ হাতীচোং মেধিচুক নিবাসী মন্টূ লস্কৰ আৰু কৰবীতা লস্কৰৰ একমাত্ৰ সন্তান।

উক্ত দুয়োগৰাকী খেলুৱৈয়ে বৰ্তমান নগাঁৱৰ “নাইটছ সমৰকলা কেন্দ্ৰ’ৰ অধীনৰ ‘হাতীচোং কুঁজীডাহৰ ড্ৰেগনছ সমৰকলা কেন্দ্ৰ’ৰ মুখ্য প্ৰশিক্ষক মিন্টু গোস্বামী আৰু সহযোগী প্ৰশিক্ষক মৃণাল কুমাৰ মহন্তৰ তত্ত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

উল্লেখ্য যে, এই প্ৰতিযোগিতাখনিত অসমৰ হৈ অৱতীৰ্ণ হোৱা ৬ জন সমৰকলাবিদৰ ৪ জনেই পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ইপিনে, সমৰকলাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নৱনীত আৰু অনুৰাগৰ এই সাফল্যই নগাঁৱবাসীক গৌৰৱান্বিত কৰি তুলিছে।

Related News