NORTHEAST NOW (Assamese)

কোনোবাই মোক হত্যাৰ ষড়যন্ত্ৰ কৰিছেঃ ইন্দ্ৰানী মুখাৰ্জী

April 24, 2018 12:43 pm · এন ই নাও নিউজ

শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীয়ে আন এক চাঞ্চ্যলকৰ মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতখনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি সম্প্ৰতি মুম্বাইৰ বায়কুল্লা কাৰাগাৰত বন্দীত্বৰ জীৱন কটোৱা মুখাৰ্জীয়ে অভিযোগ কৰি কৈছে যে তেওঁক কোনোবাই হত্যাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

এই সন্দৰ্ভত ইন্দ্ৰানী মুখাৰ্জীয়ে আদালতত অভিযোগ উত্থাপন কৰি কয়—  ‘যোৱা ৬ এপ্ৰিলত মোক কাৰাগাৰৰ তৰফৰ পৰা খাবলৈ দিয়া দাইলত বিষ মিহলি কৰি দিয়া হৈছিল।বিষ মিহলি হৈ থকা দাইলৰ সোৱাদ সাধাৰণতকৈ পৃথক হোৱাৰ উপৰি অত্যধিক মচলাযুক্ত আছিল।উক্ত দাইলখিনি খোৱাৰ পাছতে মোৰ যথেষ্ট ভাগৰ অনুভৱ হোৱাৰ লগতে তন্দ্ৰালস হৈ পৰিছিলো।‘

উল্লেখযোগ্য যে অদালতত ইন্দ্ৰানী মুখাৰ্জীয়ে লগতে অভিযোগ উত্থাপন কৰি কয় যে বিগত ২০১৫ চনতো তেওঁক একে ড্ৰাগছ দিয়া হৈছিল।

আনহাতে ৬ এপ্ৰিলত তেওঁৰ প্ৰস্ৰাৱৰ যি নমুনা সংগ্ৰহ কৰা হৈছিল তাত ২০১৫ চনতকৈও তিনিগুণ অধিক পৰিমাণৰ ড্ৰাগছৰ উপস্থিতি ধৰা পৰে বুলিও অভিযোগ উত্থাপন কৰে মুখাৰ্জীয়ে।তেওঁ লগতে কাৰাগাৰ কৰ্তৃপক্ষই দাইলত বিষ মিহলিৰ বিষয়টো উল্লেখ নকৰিবলৈ জোৰ দিছিল বুলিও অভিযোগ কৰে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে প্ৰায় সংজ্ঞাহীন অৱস্থাত যোৱা ৬ এপ্ৰিলত ইন্দ্ৰানী মুখাৰ্জীক মুম্বাইৰ জে জে হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।অৱশ্যে হস্পিতাল কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এবিধ ঔষধ বেছি পৰিমাণে সেৱণ কৰাৰ ফলতে ইন্দ্ৰানী মুখাৰ্জীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল।

শেহতীয়াভাৱে ইন্দ্ৰানী মুখাৰ্জীক বায়কুল্লা কাৰাগাৰৰ এটা নতুন কোঠাত চিচিটিভিৰ নিৰীক্ষণত ৰখা হৈছে বুলি প্ৰকাশ পাইছে ‘মুম্বাই মিৰৰ’ নামৰ কাকতখনত।

ইয়াৰ মাজতে মহাৰাষ্ট্ৰৰ এডিজিপি (কাৰাগাৰ) বি কে উপাধ্যায়ে বিষ দিয়া ঘটনাটোৰ এটা আম্ভ্যন্তৰীণ তদন্ত ঘোষণা কৰিছে।

 

Related News