NORTHEAST NOW (Assamese)
অসম

হত্যা-হিংসা তথা বিদ্বেষৰ বিৰুদ্ধে আজি গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত সংগীত-চিত্ৰৰ সমাহাৰ

Posted by: কল্পজ্যোতি শইকীয়া June 19, 2018 10:56 pm

ৰাজ্যৰ চৌদিশে ক্ৰমান্বয়ে বৃদ্ধি হৈ অহা হত্যা-হিংসা তথা বিদ্বেষৰ বিৰুদ্ধে আজি গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত একেলগে থিয় দিলে শিল্পী সমাজে।

কোনোৱে যদি সংগীতৰ মাধ্যমেৰে সমাজলৈ শান্তি ঘুৰি অহাৰ কামনা কৰিলে আন কোনোৱে আকৌ কেনভাচত তুলিকাৰ আঁচোৰেৰে শান্তিৰ কপৌ চৰাইহাল উৰুওৱাৰ প্ৰয়াস কৰিলে।

অনুষ্ঠানৰ আৰম্ভণিতে কাৰ্বি আংলঙত দুস্কৃতিকাৰীৰ বৰ্বৰতাৰ বলি হোৱা নিলোৎপল-অভিজিৎৰ আত্মাৰ সদগতি কামনাৰ অৰ্থে মৌন প্ৰাৰ্থনা কৰাৰ লগতে উপস্থিত সকলো শিল্পীয়ে হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰা তথা গোষ্ঠী বিদ্বেষ প্ৰতিহত কৰাৰ বাবে ৰাইজক সতৰ্ক কৰাৰ লগতে শান্তি সমৃদ্ধি ঘূৰাই আনিবৰ বাবে আহ্বান জনায়।

উক্ত অনুষ্ঠানৰ আঁতধৰা কন্ঠশিল্পী, গীতিকাৰ তথা লেখক লোকনাথ গোস্বামীয়ে ভাষণ প্ৰদান কৰি কয় যে দুৰ্ভাগ্যজনকভাৱে অন্ধবিশ্বাসৰ বলি হৈ দুৰ্বৃত্তৰ হাতত নৃশংসভাৱে দুজন চফল ডেকাই প্ৰাণ হেৰুৱাবলগীয়া হোৱাত সমগ্ৰ দেশৰ জনসাধাৰণৰ মন মগজু জোকাৰি গৈছে।

তেওঁ আৰু কয়, ‘অসমক অবাঞ্চিতভাৱে কিছুদিনৰ পৰা বহু ঘটনাই ভাৰাক্ৰান্ত কৰি ৰাখিছে। শিল্পীসকলৰ সমাজৰ প্ৰতি দায়িত্ববোধ সদায় আছে, সেই দায়িত্ববোধ পালন কৰিয়েই আজিৰ এই ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হৈছে।’

কাৰ্বি আংলঙৰ ঘটনাক কিছুসংখ্যকে এটা বিশেষ জনগোষ্ঠীয়ে সংঘটিত কৰি থকা বুলি ছ’চিয়েল মেডিয়াত প্ৰচাৰ চলাই থকা কাৰ্য্যৰ বিৰোধিতা কৰি কৰি তেওঁ কয় ‘কোনো কাৰ্বি, বড়ো অথবা অন্য জাতিয়ে এই ঘটনাটো সংঘটিত কৰা নাই, কিছুসংখ্যক নৰ পিশাচ, দুবৃত্তই এই ঘটনাটো সংঘটিত কৰিছে।’

উক্ত অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট কন্ঠশিল্পী সমৰ হাজৰিকাই সকলোৰে মাজত শান্তি সম্প্ৰীতি পুনৰ ঘুৰি অহাৰ কামনা কৰাৰ লগতে গীত আৰু কথাৰ মাজেৰে পৰিবেশটো জীপাল কৰি তোলে।

তদুপৰি চিত্ৰশিল্পী পুলক গগৈ, ৰবিৰাম ব্ৰহ্ময়ো কেনভাছত তুলিকাৰে অৰ্থপূৰ্ণ চিত্ৰ অংকন কৰে। তেওঁলোকৰ লগত সহযোগ কৰে চিত্ৰশিল্পী চম্পক বৰবৰা আৰু অন্য বহুকেইগৰাকী চিত্ৰশিল্পীয়ে।

আজিৰ এই অনুষ্ঠানত সমৰ হাজৰিকা, লোকনাথ গোস্বামী, ৰবিৰাম ব্ৰহ্ম, সঞ্জয় কুমাৰ তাঁতী, কিশোৰ কুমাৰ কলিতা, ৰুণু দেৱী, পুলক গগৈ, জে পি দাস, মনিষা হাজৰিকা, কুল বৰুৱা, চম্পক বৰবৰাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী লোক উপস্থিত আছিল।