NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না জৰ্জৰিত ৰাছিয়াত কৰ্মহীন হোটেল-ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীৰ নগ্ন হৈ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2020 10:05 am

ক’ৰ’নাৰ সংক্ৰমণৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ৰাছিয়াত শতাধিক ৰেষ্টুৰেণ্ট আৰু হোটেলৰ গৰাকী আৰু কৰ্মচাৰী সকলে নগ্ন হৈ প্ৰতিবাদ সাব্যস্ত কৰে।

ক’ৰ’নাৰ বাবে ঘোষিত ল’কডাউনৰ ফলত দীৰ্ঘদিন ধৰি সকলো ৰেষ্টুৰেণ্ট, হোটেল বন্ধ হৈ থকাত কৰ্মহীন হৈ কৰ্মচাৰী সকলে এনেদৰে নগ্ন হৈ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে হাতে-হাতে কাপ, প্লেট লৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি ছ’চিয়েল মিডিয়াত ফটো আপলোড কৰে।

‘‘আমি নগ্ন হৈছো কাৰণ আমাৰ একো বাকী নাই,’’ এগৰাকী হোটেলৰ কৰ্মচাৰীয়ে এনেদৰে কয়।

‘‘আমি মাত্ৰ কাম কৰিব বিচাৰো নহ’লে আমি খাদ্যৰ অভাৱত মৃত্যু বৰণ কৰিবলগীয়া হ’ব,’’ এগৰাকী প্ৰতিবাদ কাৰীয়ে এনেদৰে কয়।

উল্লেখযোগ্য যে, ৰাছিয়াত ক’ৰ’নাৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰাজিলৰ পাছতে ৰাছিয়াত সৰ্বাধিক সংখ্যক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

আমেৰিকাই ক’ৰ’নাৰ সংক্ৰমণৰ বাবে চীনক দোষাৰোপ কৰিলেও ৰাছিয়াই এইক্ষেত্ৰত চীনৰ পক্ষ লোৱা দেখা গৈছে।