NORTHEAST NOW (Assamese)
Popular Stories

আছে ৫৭টা সন্তান, আকৌ পিতৃ হ’ব খোজে যদিও শাৰীৰিক সম্পৰ্কত অনিচ্ছুক! কি দাবী যুৱকৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 26, 2023 3:23 pm

বয়স মাত্ৰ ৩১ বছৰ। কিন্তু এই বয়সতে ৫৭টা সন্তানৰ পিতৃ হ’ল এইজন যুৱক। কিন্তু এইটোৱেও তেওঁক সন্তুষ্ট কৰা নাই।কেলিফৰ্ণিয়াৰ বাসিন্দা কাইল জৰ্ডিয়ে আৰু সন্তান জন্ম দিব বিচাৰে। কিন্তু কথাটো হ’ল, তেওঁ শাৰীৰিক সম্পৰ্কত জড়িত হ’বলৈ অনিচ্ছুক। তেওঁ পিতৃ হ’ব বিচাৰে যদিও তেওঁৰ কোনো মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ প্ৰতি আগ্ৰহ নাই।

পিতৃত্বৰ প্ৰতি আগ্ৰহী অথচ যৌন সম্পৰ্কত নহয়, তেনেহলে তেওঁ দৰাচলতে বিচাৰিছে কি? যুৱকজনে নিজেই প্ৰকাশ কৰিছে সেই কথা।

কাইলে দাবী কৰে যে তেওঁ গৰ্ভধাৰণ কৰিব বিচৰা নিঃসন্তান মহিলাসকলক সন্তান সুখ প্ৰদান কৰে। সেইটো দীৰ্ঘদিন ধৰি চলি আহিছে। যুৱকজনে কয় যে ২০১৪ চনৰ পৰাই তেওঁ এই কাম কৰি আহিছে। কোনো বৈজ্ঞানিক পদ্ধতি বা প্ৰযুক্তিৰ জৰিয়তে নহয়। এসময়ত তেওঁ প্ৰত্যক্ষ শাৰীৰিক সংগমৰ জৰিয়তে মহিলাক গৰ্ভৱতী কৰিছিল।

লগতে পঢ়কঃ আৰক্ষীৰ পৰিচয় দি মহিলাক ৰে’লপথৰ কাষৰ জোপোহালৈ নি ধৰ্ষণ দুই পাষণ্ডৰ

আনকি তেওঁ আমেৰিকাৰ লগতে ব্ৰিটেইন আৰু ফ্ৰান্সলৈ গৈ কেইবাগৰাকীও মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল আৰু ফলত তেওঁলোকক মাতৃত্বৰ সোৱাদ দিছিল। কিন্তু এতিয়া যুৱকজনে তেনে কৰিবলৈ আগ্ৰহী নহয়।

সেইবুলি তেওঁ সন্তান জন্ম দিয়াৰ লক্ষ্যৰ পৰা একেবাৰেই বিচ্যুত হোৱা নাই। কিন্তু তাৰ বাবে তেওঁ আন এটা পথ বাছি লৈছে। বৰ্তমান যুৱকজনে নিয়মীয়াকৈ ক্লিনিকলৈ গৈ শুক্ৰাণু দান কৰে। কাইলে দাবী কৰে যে শুক্ৰাণু দান তেওঁৰ নিচা। গতিকে বীৰ্যৰ ঘনত্ব বজাই ৰাখিবলৈ তেওঁ যৌন সম্পৰ্কৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকিব বিচাৰে। যাতে শুক্ৰাণু দানত কোনো ধৰণৰ ব্যাঘাত নপৰে।

লগতে পঢ়কঃ বিশ্বকাপৰ পাছত পুনৰ নায়ক ছামী; মৃত্যু মুখৰ পৰা ৰক্ষা কৰিলে আক্ৰান্তক, চাওক ভিডিঅ’

তেওঁ প্ৰতিটো দানৰ সময়লৈকে শুক্ৰাণু সঞ্চয় কৰি ৰাখিব বিচাৰে। লগতে তেওঁ নিবিচাৰে কোনো ধৰণৰ যৌনৰোগৰ বীজাণু যৌন সম্পৰ্কৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰক। সহজ ভাষাত ক’বলৈ গ’লে কাইল জৰ্ডিয়ে কাৰ্যকৰী শুক্ৰাণু দান কৰাৰ দায়িত্ব পালন কৰিবলৈ অত্যন্ত দায়বদ্ধ!