NORTHEAST NOW (Assamese)
অসম

বি চি চি আইত অভিযোগ : পিছৰ খেলৰ বাবে গুৱাহাটীক নিৰ্বাচনৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাব নেকি ধোনিৰ অভিযোগে?

Posted by: এন ই নাও নিউজ October 19, 2018 1:10 pm
Dhoni

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ২১ অক্তোবৰত অনুষ্ঠিত হ’ব লগীয়া এদিনীয়াখনৰ বাবে অসমৰ ক্ৰিকেট অনুৰাগী উৎকণ্ঠাৰে ৰৈ থকাৰ সময়তে তাৰকা খেলুৱৈ মহেন্দ্ৰ সিং ধোনিৰ আচৰণে ক্ষুব্ধ কৰিছে বহুতক। ক্ৰিকেটাৰজনক চাবলৈ ষ্টেডিয়ামৰ বাহিৰত ভিৰ কৰা অনুৰাগী দৰ্শককো সহ্য নহ’ল তাৰকা ক্ৰিকেটাজনৰ।

অনুশীলনৰ সময়ত অনুৰাগীৰ ভিৰ আৰু নিৰাপত্তাৰ দায়িত্ব থকা আৰক্ষী জোৱানৰ তেওঁৰ লগত ফটো উঠাৰ প্ৰয়াসক লৈ অসন্তুষ্ট ধোনিয়ে বি চি চি আইত এই সন্দৰ্ভত ওজৰ দিয়া বুলি জানিব পৰা গৈছে।

স্বাভাৱিকতে ইয়াক লৈ ক্ষুব্ধ হৈ পৰিছে অসমৰ ক্ৰিকেটপ্ৰেমী আৰু ৰাইজ। উল্লেখযোগ্য যে সমগ্ৰ ভাৰতৰ লগতে অসমতো ধোনিৰ বহুতো অনুৰাগী আছে। তাৰকা খেলুৱৈজনৰ মহানগৰখনত উপস্থিতিয়ে তেওঁলোকক বিৰল সুযোগ দিছে ওচৰৰ পৰা নিজৰ নায়কজনক দেখা কৰাৰ। সেয়ে অনুশীলন চলাই থকা বুলি জানিব পাৰি বহু সংখ্যক অনুৰাগীয়ে তেওঁক ১৮ অক্তোবৰত ওচৰৰ পৰা চাবলৈ যায়। ষ্টেডিয়ামৰ লোহাৰ ৰেলিঙৰ বাহিৰৰ পৰাই এইসকলে ধোনিৰ অনুশীলন চাই নিজকে পৰিতৃপ্ত কৰে। বহুতে তেওঁৰ পিঠিটোহে ভালকৈ দেখা পায়।

আনহাতে নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীয়েও নিজৰ উৎসাহ দমন কৰিব নোৱাৰি তাৰে দুই-এজনে ফটো উঠাৰ বাবে অনুৰোধ কৰে।

ইয়াতে ক্ষুব্ধ হৈ বি চি চি আইলৈ ১৮ অক্তোবৰৰ সন্ধিয়া অভিযোগ প্ৰেৰণ কৰিছে ধোনিয়ে।

মন কৰিব লগীয়া কথাটো হ’ল খেলুৱৈৰ যিকোনো অভিযোগে বি চি চি আইক পৰৱৰ্তী খেলৰ বাবে গুৱাহাটীক বাছি লোৱাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাৱ পাৰে। আনহাতে ধোনি, কোহলি আদিক লৈ দেশৰ আন আন অংশতো একে ধৰণৰ উৎসাহ দেখা যায় লগতে সমৰ্থকৰ ভিৰো দেখা যায়। কিন্তু এইদৰে অনুৰাগীৰ আতিশয্য বুলি অভিযোগ কৰা শুনা পোৱা নাযায়।