NORTHEAST NOW (Assamese)
Popular Stories

জেফ্ৰি এপষ্টেইনৰ সৈতে থকা সম্পৰ্কক লৈ বিল গেটছৰ ৰাজহুৱা ক্ষমাপ্ৰাৰ্থনা!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 25, 2026 4:28 pm

এপষ্টেইন ফাইলছক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে অৱশেষত মুখ খুলিছে মাইক্ৰছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছে। শেহতীয়াকৈ গেটছ ফাউণ্ডেশ্যনৰ কৰ্মচাৰীসকলৰ সৈতে অনুষ্ঠিত হোৱা এক আভ্যন্তৰীণ বৈঠকত তেওঁ জেফ্ৰি এপষ্টেইনৰ সৈতে থকা তেওঁৰ পূৰ্বৰ সম্পৰ্কৰ বাবে ক্ষমা বিচাৰে। দোষী সাব্যস্ত হোৱা যৌন অপৰাধী এপষ্টেইনৰ সৈতে হোৱা যোগাযোগক তেওঁ নিজৰ জীৱনৰ এক ডাঙৰ ভুল বুলি স্বীকাৰ কৰিছে। এই নতুনকৈ প্ৰকাশ পোৱা তথ্য আৰু বিতৰ্কৰ বাবেই শেহতীয়াকৈ ভাৰতত অনুষ্ঠিত হবলগীয়া এআই ইমপেক্ট ছামিট ২০২৬ৰ পৰাও গেটছে নিজকে আঁতৰাই ৰাখিছে।

ফাউণ্ডেশ্যনৰ কৰ্মচাৰীসকলৰ আগত গেটছে স্পষ্ট কৰে যে এপষ্টেইনৰ সৈতে সময় কটোৱা আৰু সেই বৈঠকত ফাউণ্ডেশ্যনৰ জ্যেষ্ঠ বিষয়াৰ দৰে লোকসকলক জড়িত কৰাটো তেওঁৰ এক বৃহৎ ভুল আছিল। তেওঁ কয় যে তেওঁ কৰা ভুলৰ বাবে যিসকল লোক বিতৰ্কৰ মাজলৈ আহিবলগীয়া হ, তেওঁলোকৰ ওচৰত তেওঁ ক্ষমাপ্ৰাৰ্থী। টাউন হলৰ এই বৈঠকত তেওঁ নিজৰ কাৰ্যৰ সম্পূৰ্ণ নৈতিক দায়িত্ব গ্ৰহণ কৰে। অৱশ্যে গেটছে এপষ্টেইনৰ কোনো ধৰণৰ অবৈধ কাম-কাজৰ সৈতে তেওঁ জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে। তেওঁ কয় যে তেওঁ কেতিয়াও কোনো অবৈধ কাম কৰা দেখা নাই আৰু এপষ্টেইনৰ ভুক্তভোগীসকলৰ সৈতেও তেওঁৰ কোনো যোগাযোগ নাছিল।

শেহতীয়া সংবাদ মাধ্যমৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, এপষ্টেইন ফাইলছত বিল গেটছৰ সৈতে দুজনী ৰাছিয়ান মহিলাৰ সম্পৰ্কৰ কথাও পোহৰলৈ আহিছিল। এই সন্দৰ্ভত গেটছে স্বীকাৰ কৰিছে যে তেওঁৰ তেনে সম্পৰ্ক আছিল যদিও সেই মহিলাসকল কোনো কাৰণতে এপষ্টেইনৰ ভুক্তভোগী নাছিল। আমেৰিকাৰ ন্যায় বিভাগৰ কিছুমান নথিপত্ৰত গেটছ আৰু এপষ্টেইনৰ মাজৰ বৈঠকৰ ফটোও প্ৰকাশ পাইছিল, যিবোৰত তেওঁক কিছুমান মুখ লুকুৱাই ৰখা মহিলাৰ সৈতে পোজ দিয়া দেখা গৈছিল। ইয়াৰ পিছতেই বিশ্বজুৰি তেওঁ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

এই বিতৰ্কৰ প্ৰভাৱ ভাৰতত অনুষ্ঠিত হবলগীয়া এআই ইমপেক্ট ছামিটটো পৰা দেখা গৈছে। গুগলৰ সুন্দৰ পিচাই আৰু অপেনএআইৰ ছেম অল্টমেনৰ দৰে ব্যক্তিসকলৰ সৈতে এই সন্মিলনত গেটছে ভাষণ দিয়াৰ কথা আছিল। কিন্তু অন্তিম মুহূৰ্তত গেটছ ফাউণ্ডেশ্যনে তেওঁৰ অংশগ্ৰহণ বাতিল কৰে। ফাউণ্ডেশ্যনৰ তৰফৰ পৰা জনোৱা হৈছে যে সন্মিলনৰ মূল লক্ষ্যসমূহৰ পৰা যাতে মানুহৰ দৃষ্টি আঁতৰি নাযায়, তাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। ফাউণ্ডেশ্যনে আগতেও স্পষ্ট কৰি দিছিল যে তেওঁলোকে কেতিয়াও এপষ্টেইনক কোনো আৰ্থিক লেনদেন কৰা নাছিল বা তেওঁক নিযুক্তিও দিয়া নাছিল।