NORTHEAST NOW (Assamese)
Popular Stories

উচ্চ সাংবিধানিক পদবীত থকা লোকসকলে ধৰ্ম, জাতি, অঞ্চলৰ ভিত্তিত কোনো সম্প্ৰদায়ক লক্ষ্য কৰি লোৱাটো অনুচিত: উচ্চতম ন্যায়ালয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 25, 2026 4:43 pm

ভাৰতীয় সংবিধানৰ মৰ্যাদা ৰক্ষা আৰু সামাজিক সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এক অত্যন্ত গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰিছে। শীৰ্ষ আদালতৰ মতে, উচ্চ সাংবিধানিক পদবীত অধিষ্ঠিত ব্যক্তিসকলে ধৰ্ম, জাতি, ভাষা বা অঞ্চলৰ ভিত্তিত কোনো বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লোৱাটো অনুচিত। ৰাজ্যৰ প্ৰতিনিধিয়েই হওক বা কোনো সাধাৰণ ব্যক্তিয়েই হওক, ভাষণ, মিম, কাৰ্টুন অথবা কোনো দৃশ্য কলাৰ জৰিয়তে কোনো সম্প্ৰদায়ক অপমান বা বদনাম কৰাটো সংবিধানৰ নীতিৰ পৰিপন্থী বুলি আদালতে স্পষ্ট কৰি দিছে। বিশেষকৈ যিসকল ৰাজহুৱা ব্যক্তিয়ে সংবিধান ৰক্ষাৰ শপত লৈছে, তেওঁলোকে এনে কাৰ্যৰ পৰা বিৰত থকাটো সাংবিধানিকভাৱে বাধ্যতামূলক।

ন্যায়াধীশ উজ্জ্বল ভূঞাই এটা গোচৰৰ ৰায়দান দিওঁতে এই কথাত বিশেষভাৱে গুৰুত্ব দিছে যে ভ্ৰাতৃত্ববোধ হৈছে আমাৰ সংবিধানৰ প্ৰস্তাৱনাৰ এক অন্যতম মূল স্তম্ভ। সংবিধানৰ ৫১এ(ই) অনুচ্ছেদ অনুসৰি, দেশৰ প্ৰতিজন নাগৰিকৰে মৌলিক কৰ্তব্য হল ধৰ্মীয় আৰু ভাষিক বৈচিত্ৰ্যক অতিক্ৰম কৰি সকলোৰে মাজত সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধ বৃদ্ধি কৰা। আদালতে উল্লেখ কৰিছে যে ভ্ৰাতৃত্ববোধৰ প্ৰকৃত অৰ্থ হল সহমানৱৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা। সমাজত পাৰস্পৰিক বিশ্বাস আৰু ঐক্য গঢ়ি তুলিবলৈ হলে কোনো বিশেষ গোটক ঘৃণাৰ লক্ষ্য কৰি লোৱাটো সাংবিধানিকভাৱে ভুল বুলি গণ্য কৰা হব।

টিটি প্লেটফৰ্মত মুক্তি পাবলগীয়া এখন ছবিৰ শিৰোনামক লৈ সৃষ্টি হোৱা বিতৰ্কৰ প্ৰসংগত আদালতে এই মন্তব্য কৰে। ছবিখনৰ পূৰ্বৰ নামটোৱে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ আৱেগত আঘাত দিব পাৰে বুলি আদালতে আশংকা প্ৰকাশ কৰিছিল। যদিও ছবি নিৰ্মাতাসকলে নাম সলাবলৈ মান্তি হৈছে, তথাপিও আদালতে মত প্ৰকাশৰ স্বাধীনতা আৰু সামাজিক দায়িত্বৰ মাজত ভাৰসাম্য থকাটো প্ৰয়োজনীয় বুলি মত দিছে। আদালতে কয় যে আমাৰ দৰে এখন শক্তিশালী গণতান্ত্ৰিক দেশ কোনো কবিতা বা কৌতুক অনুষ্ঠানৰ দ্বাৰা সংকটাপন্ন হব নালাগে, কিন্তু একে সময়তে স্বাধীনতাৰ নামত আনক অপমান কৰাটোও গ্ৰহণযোগ্য নহয়।

আদালতে আৰু জনাইছে যে কোনো কথা বা কাৰ্যৰ মূল্যায়ন এজন যুক্তিসংগত দৰ্শকৰ দৃষ্টিৰেহে কৰা উচিত, কোনো অতি সংবেদনশীল ব্যক্তিৰ দৃষ্টিৰে নহয়। যিহেতু আমাৰ দেশত মত প্ৰকাশৰ স্বাধীনতা এক মৌলিক অধিকাৰ, সেয়েহে কেৱল কেইটামান গোটৰ আপত্তিৰ বাবে সৃজনীমূলক কামক বাধা দিব নোৱাৰি। কিন্তু যেতিয়া ৰাজহুৱা পদত থকা দায়িত্বশীল ব্যক্তিসকলে কোনো সম্প্ৰদায়ক লৈ বিৰূপ মন্তব্য কৰে, তেতিয়া ই সংবিধান উলংঘাৰ দৰে গুৰুতৰ বিষয় হৈ পৰে। গতিকে সামাজিক ঐক্য ধৰি ৰাখিবলৈ সকলো পক্ষকে সংযত হোৱাৰ আহ্বান জনাইছে উচ্চতম ন্যায়ালয়ে।