NORTHEAST NOW (Assamese)
দেশ

মুম্বাইৰ বন্দৰত ৩৬৫ কোটি টকাৰ মৰ্ফিন জব্দ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 16, 2022 8:41 pm
Drugs

নৱী মুম্বাই আৰক্ষীয়ে মুম্বাইৰ নাভা শ্বেভা বন্দৰৰ এটা কণ্টেইনাৰৰ পৰা বৃহৎ পৰিমাণৰ মৰ্ফিনৰ ভাণ্ডাৰ জব্দ কৰিছে।

কণ্টেইনাৰটোত উদ্ধাৰ কৰা মৰ্ফিনৰ পৰিমাণ প্ৰায় ৭৬ কিলোগ্ৰাম হ’ব আৰক্ষীয়ে জানিবলৈ দিছে। এই বৃহৎ পৰিমাণৰ মৰ্ফিনখিনিৰ মূল্য প্ৰায় ৩৬৫ কোটি টকা হ’ব বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

নৱী মুম্বাই আৰক্ষীৰ মতে মৰ্ফিন ভৰ্তি এই কণ্টেইনাৰটো ডুবাইৰ পৰা মুম্বাইলৈ আহিছিল।

জব্দ কৰা এই নিষিদ্ধ দ্ৰব্যখিনি পুৰণি মুম্বাই-পুনে ঘাইপথৰ ওচৰত এটা কণ্টেইনাৰত লুকুৱাই ৰখা হৈছিল।

এই কণ্টেইনাৰটো পঞ্জাৱ অভিমুখে প্ৰেৰণ কৰাৰ কথা আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ আধাৰত ভিত্তি কৰি এই মৰ্ফিনৰ কণ্টেইনাৰটো উদ্ধাৰ কৰে।

ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো লোককে এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা নাই বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মৰ্ফিন এক বিষৰ ঔষধ যদিও ইয়াক নিচাজাতীয় দ্ৰব্য হিচাপেও বহুলভাৱে ব্যৱহাৰ কৰা হয়।