NORTHEAST NOW (Assamese)
অসম

মুম্বাইৰ বহু মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭জন লোকৰ মৃত্যু, আহত ১৫জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 22, 2022 12:15 pm
WhatsApp Image 2022-01-22 at 11.54.42 AM

মুম্বাই মহানগৰীৰৰ নানা চ’কৰ এটা বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। শনিবাৰে পুৱাই সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনাত ঘটনাস্থলীত দুজন লোকৰ মৃত্যু ঘটে।

বাতৰি অনুসৰি, হাস্পাতালত ভৰ্তি কৰা আন পাঁচ জন লোকৰো মৃত্যু ঘটিছে। তদুপৰি, এই ঘটনাত আন ১৫জন লোক আহত হৈছে।

শনিবাৰে পুৱাই ২০ মহলীয়া এই অট্টালিকাৰ ১৮নম্বৰ মহলাত অগ্নিকাণ্ড সংঘটিত হয়। পুৱা ৭বাজি ২৮ মিনিটত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি কোৱা হৈছে।

লগতে পঢ়ক: ভাৰত বিৰোধী ভুৱা প্ৰচাৰ চলোৱা ৩৫টা পাকিস্তানী ইউটিউব চেনেল বন্ধ কৰিলে মোদী চৰকাৰে

জুঁই নিয়ন্ত্ৰণ কৰিবলৈ ১৩ খন অগ্নিনিৰ্বাপক গাড়ী তথা ৭খন জাম্বো টেংকাৰ ঘটনাস্থলীত উপস্থিত হয়। অগ্নিকাণ্ডত আহত লোকসকলক ওচৰৰে ভাটিয়া-নায়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হয়।

বৰ্তমান জুঁই নিয়ন্ত্ৰণ হৈছে যদিও অট্টালিকাটোৰ পৰা ধোঁৱা নিৰ্গত হৈ অঞ্চলটো ধোঁৱাচ্ছন্ন কৰি তুলিছে।  

ইপিনে, ঘটনাৰ খৱৰ পোৱাৰ পাছতে বৃহন্মুম্বাই মিউনিচিপালিটি কৰ্পোৰেশ্যনৰ বিষয়াসকল গৈ ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কাৰ্যৰ তদাৰক কৰে।