NORTHEAST NOW (Assamese)
Popular Stories

বকোত লাইনচ্যুত হৈ বাগৰি পৰিল এখন ৰে’লৰ ১৬ টাকৈ ডবা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 7, 2023 6:18 pm

কামৰূপ জিলাৰ বকোত বুধবাৰে কামাখ্যা-যোগীঘোপা ৰে’লপথৰে চলা এখন মালবাহী ৰে’লৰ পৰা প্ৰায় ১৬টা ডবা লাইনচ্যুত হৈ বাগৰি পৰে।

বকোৰ চিংগ্ৰা ৰে’লৱে ষ্টেচনত সংঘটিত হৈছে এই ঘটনা। প্ৰতিবেদন অনুসৰি ৰে’লখনৰ পৰা কেইবাটাও ডবা ৰেলপথৰ পৰা ওলাই যায়, ইয়াৰে প্ৰায় ১৫ৰ পৰা ১৬টা ডবা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ ছিন্নভিন্ন হৈ পৰে। 

উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ৰে’লখনে কয়লা পৰিবহণ কৰি আছিল।

জানিব পৰা মতে, ৰে’লখনত মুঠ ডবাৰ সংখ্যা আছিল ৬০ টা। সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাৰ ফলত কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই।

শেহতীয়াকৈ ওড়িশাত সংঘটিত ঘটনাৰ ৰে’ল দুৰ্ঘটনাৰ পিছতেই কোকৰাঝাৰত এখন যাত্ৰীবাহী ৰে’লৰ পৰা কেইবাটাও ডবা বিচ্ছিন্ন হৈ পৰিছিল। ইয়াৰ পিছতে আজি আকৌ সংঘটিত হৈছে মালবাহী ৰে’লৰ ভয়ানক দুৰ্ঘটনা।