NORTHEAST NOW (Assamese)
অসম

‘ভাগৱত গীতাত শপত খাই অভিযোগ অস্বীকাৰ কৰক’: পাছপ’ৰ্ট বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান গৌৰৱৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 6, 2026 4:51 pm
‘ভাগৱত গীতাত শপত খাই অভিযোগ অস্বীকাৰ কৰক’: পাছপ’ৰ্ট বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান গৌৰৱৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্নীয়ে বিদেশত একাধিক পাছপ’ৰ্ট আৰু সম্পত্তি ৰখাৰ অভিযোগ উত্থাপন কৰা কংগ্ৰেছৰ অভিযোগ অস্বীকাৰ কৰাৰ কেইঘণ্টামানৰ পাছতে সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিজেপি নেতাগৰাকীক ভাগৱত গীতাত শপত খাই অভিযোগ অস্বীকাৰ কৰিবলৈ প্ৰত্যাহ্বান জনায়।

ৰহাত নিৰ্বাচনী সমাৱেশৰ অন্তত সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি গৌৰৱ গগৈয়ে শৰ্মাক প্ৰশ্ন কৰে যে ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক লৈ “মিছা কথা” প্ৰচাৰ কৰি তেওঁ নিজৰ বিদেশত থকা সম্পত্তি আৰু ব্যৱসায়িক স্বাৰ্থ লুকুৱাই ৰাখিছে নেকি।

কংগ্ৰেছ নেতা পৱন খেৰা আৰু গগৈয়ে মুখ্যমন্ত্ৰী শৰ্মাৰ পত্নীৰ তিনিখন বিদেশী পাছপ’ৰ্ট আছে, ডুবাইত সম্পত্তিৰ মালিক, আমেৰিকাত কোম্পানী আছে, বা শ্বেল কোম্পানীত সম্পত্তি ৰাখিছে নেকি সেই বিষয়ে জানিবলৈ বিচৰাৰ এদিন পিছতে সোমবাৰে পুৱা শৰ্মাই দাবী কৰে যে বিৰোধী দলে পাকিস্তানস্থিত ছ’চিয়েল মিডিয়া গ্ৰুপৰ ভুৱা তথ্য ব্যৱহাৰ কৰি এই অভিযোগ প্ৰস্তুত কৰিছে।

গগৈয়ে কয় যে, “কালি এই কথা মই কৈছিলো, আৰু এতিয়া পুনৰ আওৰাইছো… ভাগৱত গীতাত শপত খাই ক’ব পাৰো যে শৰ্মাই অভিযোগ কৰা মতে মোৰ লণ্ডনত কোনো সম্পত্তি নাই। তেওঁ সেইটো কৰিব পাৰিবনে? মই তেওঁক প্ৰত্যাহ্বান জনাইছো তেওঁৱো একেদৰে কোনো এক ৰাজহুৱা স্থানত আহি ভাগৱত গীতাত শপত খাই সেইটো  কৰক।‘’

যোৰহাটৰ সাংসদগৰাকীয়ে দৃঢ়তাৰে কয় যে যদিহে এনে সম্পত্তি নিৰ্বাচনী শপতনামাত ঘোষণা কৰা নাই, তেন্তে এতিয়া শৰ্মাই ইয়াৰ অস্তিত্ব মানি ল’ব নোৱাৰে, কিয়নো ইয়াৰ ফলত তেওঁৰ প্ৰাৰ্থিত্ব বাতিল হ’ব।

গগৈয়ে প্ৰশ্ন কৰে, “প্ৰশ্নবোৰ সহজ – আপোনাৰ পত্নীৰ হাতত ডুবাইৰ বাবে গোল্ডেন ভিছা আছে নেকি? তাত আপোনাৰ বা পৰিয়ালৰ কোনো সদস্যৰ সম্পত্তি আছে নেকি? ভাৰতীয় পাছপ’ৰ্টত গোল্ডেন ভিছা আছে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ কোনো সদস্যই বিদেশত ব্যৱসায় চলায় নেকি?,”

গৌৰৱে লগতে কয়, “হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী শপতনামাত নিজৰ বা নিজৰ পৰিয়ালৰ ধন-সম্পত্তি আৰু বিদেশত থকা সম্পত্তিৰ কথা প্ৰকাশ কৰিছেনে? লুকুৱাবলগীয়া একো নাথাকিলে শৰ্মাই তদন্তক আদৰণি জনোৱা উচিত।”

তেওঁ দৃঢ়তাৰে কয় যে যদি কংগ্ৰেছে অসমত ক্ষমতালৈ আহে তেন্তে শৰ্মাৰ অপ্ৰকাশিত বিদেশী সম্পত্তি আৰু ব্যৱসায়িক কাৰ্য্যকলাপৰ তদন্ত চলাব। তেওঁ কয় যে তেওঁৰ সৈতে জড়িত সকলো অবৈধ সম্পত্তি, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু নেটৱৰ্কৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে সোমবাৰে পুৱা গুৱাহাটীত এখন সংবাদমেলত শৰ্মাই কৈছিল যে এই অভিযোগসমূহ নিৰ্বাচনৰ ফলাফলক প্ৰভাৱিত কৰিবলৈ উত্থাপন কৰা হৈছে, যিটো “আইনমতে শাস্তিযোগ্য”।

এই অভিযোগক লৈ কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাৰ বিৰুদ্ধে তেওঁৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে জনায়।

দেওবাৰে খেৰাই অভিযোগ কৰিছিল যে মুখ্যমন্ত্ৰী শৰ্মাৰ পত্নীৰ ইউ এ ই, ইজিপ্ত আৰু এন্টিগুয়া-বাৰ্বুডাৰ তিনিখন পাছপ’ৰ্ট, ডুবাইত দুটা সম্পত্তি আৰু আমেৰিকাৰ শ্বেল কোম্পানীত সম্পত্তি আছে।