NORTHEAST NOW (Assamese)
অসম

১০ এপ্ৰিলৰ পৰা ১৮ বছৰৰ ওপৰৰ লোকক দিয়া হ’ব কোভিড ভেকচিনৰ বুষ্টাৰ পালি,ক’ত ল’ব পাৰিব?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী April 8, 2022 5:58 pm

দেশত কোভিডৰ চতুৰ্থ ঢৌ আৰম্ভ হ’ব বুলি স্বাস্থ্য বিজ্ঞানীসকলে সতৰ্কবাৰ্তা দি থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে
শুক্ৰবাৰে এইবুলি ঘোষণা কৰে যে ১৮ বছৰৰ ওপৰৰ লোকসকলক ১০ এপ্ৰিলৰ পৰা কোভিড-১৯ৰ বুষ্টাৰ পালি প্ৰদান কৰা হ’ব।

অৱশ্যে ব্যক্তিগত চিকিৎসালয়তহে ১৮ বছৰৰ ওপৰৰ লোকসকলক কোভিডৰ বুষ্টাৰ ভেকচিন প্ৰদানৰ দিহা কৰা হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰটোৱে লগতে কয় যে যিসকলৰ বয়স ১৮ বছৰ বা ততোধিক আৰু তেনে বয়সৰ যিসকল লোকে কোভিড ভেকচিনৰ দ্বিতীয় পালি গ্ৰহণ কৰা ন মাহ সম্পূৰ্ণ হৈছে তেওঁলোকে বুষ্টাৰ পালি গ্ৰহণ কৰিব পাৰিব।

উল্লেখ্য দেশত এতিয়ালৈকে বিভিন্ন বয়সৰ লোকক ২.৪ কোটিতকৈও কোভিড ভেকচিনৰ বুষ্টাৰ পালি প্ৰদান কৰা হৈছে। স্বাস্থ্যসেৱা কৰ্মী, ফ্ৰণ্টলাইন কৰ্মী আৰু ৬০ বছৰৰ ওপৰৰ লোকসকলেই মূলতঃ এনে বুষ্টাৰ পালি লাভ কৰিছে।

ভাৰতে কোভিডৰ ভেকচিন প্ৰদানৰ ক্ষেত্ৰত এখন উল্লখেযোগ্য দেশ হিচাবে পৰিগণিত হৈছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ১২ ৰ পৰা ১৮ বছৰ বয়সৰ লোকক কৰ্বেভেক্স নামৰ ভেকচিন বিধৰো প্ৰয়োগত অনুমোদন জনাইছে ।

কৰ্বেভেক্স ভেকচিন বিধ প্ৰস্তুত কৰিছে ভাৰতীয় কোম্পানী ‘বায়’লজিকেল-ই লিমিটেডে’। ভেকচিন বিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পন্ন হোৱাৰ পিছতে কোম্পানীটোৱে ইয়াৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে আবেদন কৰিছিল।

কোভিড-১৯ ৱৰ্কিং গ্ৰুপৰ অধ্যক্ষ ড০ এন কে অৰোৰাই কয় যে কোভিড-১৯ৰ ভেকচিন কৰ্বেভাক্স হৈছে এক সুৰক্ষিত ভেকচিন আৰু ইয়াক অন্যান্য ভেকচিনৰ দৰেই দুটা পালিত প্ৰদান কৰা হ’ব।

ঔষধ নিয়ন্ত্ৰক সংস্থা ড্ৰাগছ কণ্ট্ৰোলাৰ জেনেৰেল অফ ইণ্ডিয়াৰ বিশেষজ্ঞ সমিতিয়ে ১২ ৰ পৰা ১৮ বছৰ বয়সৰ সকলোকে কোভিড ভেকচিন কৰ্বেভাক্সক ত জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন প্ৰদান কৰিছে।

আমেৰিকাৰ বেয়লৰ কলেজ অৱ মেডিচিনৰ সহযোগত ‘বায়’লজিকেল-ই লিমিটেডে’ ভেকচিন বিধ উৎপাদন কৰিছে। অৱশ্যে বুষ্টাৰ পালিত কি ভেকচিন দিয়া হ’ব সেয়া জানিব পৰা হোৱা  নাই। হয়তো পূৰ্বে দুটা পালি যি ভেকচিন লোৱা হৈছিল সেই ভেকচিনেই দিয়াৰ সম্ভাৱনা আছে।