NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ দ্ৰুত সংক্ৰমণৰ বাবে মেঘালয়ত পুনৰ ধৰ্মীয় স্থান বন্ধ ৰখাৰ সিদ্ধান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2020 9:43 am

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ধৰ্মীয় স্থান সমূহ পুনৰ খোলাৰ অনুমতি দিয়াৰ পাছত মেঘালয় চৰকাৰে বৰ্দ্ধিত ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ ধৰ্মীয় স্থান সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত বাহাল ৰাখে।

মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰী প্ৰেছটোন টাইছহে মঙলবাৰে এই কথা সদৰি কৰে।

‘‘ৰাজ্যত ক’ৰ’নাৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ধৰ্মীয় স্থান সমূহ পুনৰ খোলাৰ পূৰ্বৰ সিদ্ধান্ত বাতিল কৰে,’’ উপ-মুখ্য মন্ত্ৰী গৰাকীয়ে পুনৰ কয়।

ইয়াৰপূৰ্বে মেঘালয় চৰকাৰে ১৪ জুনৰ পৰা ধৰ্মীয় স্থান সমূহ পুনৰ খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ বিৰতিৰ পাছত কেন্দ্ৰ চৰকাৰে আনল’ক-১ত ধৰ্মীয় স্থানসমূহ খোলাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল।

কেন্দ্ৰ চৰকাৰে সীমিত সংখ্যক উপস্থিতিৰে সামজিক দূৰত্ব মানি চলি ধৰ্মীয় স্থান সমূহ পুনৰ খোলাৰ বাবে নিৰ্দেশ দিছিল।

কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশনাৰ পাছত অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথক ভগৱানৰ আশীৰ্বাদ বিচাৰি মন্দিৰত দেখা গৈছিল।