NORTHEAST NOW (Assamese)
অসম

আই চি চিৰ বলত থু লগাব নোৱাৰা নিৰ্দেশনাৰ পাছত টেষ্ট ক্ৰিকেটত ৫০ অভাৰত নতুন বল দিয়াৰ পোষকতা শচীনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2020 9:22 am
SachinTendulkar

ক’ৰ’নাৰ সংক্ৰমণৰ পাছত আই চি চিয়ে খেলুৱৈ সকলে বলত থু লগাব নোৱাৰিব বুলি নতুন নৰ্দেশনা জাৰি কৰাৰ পাছতে এই সন্দৰ্ভত মত ব্যক্ত কৰিছে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন ৰমেশ টেণ্ডুলকাৰে।

টেণ্ডুলকাৰে আই চি চিৰ নতুন নিৰ্দেশনাৰ পাছতে টেষ্ট ক্ৰিকেটাত প্ৰতি ৫০-৫৫ অভাৰত নতুন ব’ল দিয়াৰ পোষকতা কৰে যাতে বেগী বলাৰ সকলৰ সহায় হয়।

‘‘যদিহে পিটছ উন্নত মানৰ নহয় তেন্তে খেলৰ মান হ্ৰাস পাব আৰু খেলৰ গতি মন্থৰ হ’ব কাৰণ বেটছমেনে বুজি উঠিব যে যদিহে তেওঁ বেয়া শ্বট নেখেলে কোনোৱে তেওঁক আউট কৰিব নোৱাৰিব,’’ শচীন টেণ্ডুলকাৰে।

উল্লেখযোগ্য যে, পূৰ্বে টেষ্ট ক্ৰিকেটত প্ৰতি ৯০ অভাৰৰ পাছত নতুন বল দিয়া হৈছিল।

ক’ৰ’নাৰ সংক্ৰমণৰ পাছত পুনৰ ক্ৰিকেট আৰম্ভ কৰাৰ ক্ষেত্ৰত আই চি চিয়ে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে।

আই চি চিৰ নতুন নিৰ্দেশনা অনুসৰি বলত থু লগাব নোৱাৰিব, খেলপথাৰত থুৱাব নোৱাৰিব।

তাৰোপৰি, প্ৰতিখন শৃংখলাৰ পূৰ্বে খেলুৱৈ সকলৰ ক’ৰ’না টেষ্ট কৰা হ’ব লগতে খেলুৱৈ সকলে ১৪ দিন কোৱাৰেণ্টাইনত থাকিব লাগিব।