NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ওমানত আৱদ্ধ অসমৰ যুৱক; মুখ্য মন্ত্ৰীলৈ সহায় বিচাৰি আহ্বান

Posted by: য়াছিন আলী Updated by: য়াছিন আলী June 10, 2020 8:54 am

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন দেশৰ শিক্ষাৰ্থী, যুৱক যুৱতী লগতে শ্ৰমিক সকল আৱদ্ধ হৈ থাকিবলগীয়া হৈছে।

কৰ্ম সুত্ৰে ওমানলৈ গৈ ক’ৰ’নাৰ সংক্ৰমণৰ বাবে এগৰাকী অসমৰ যুৱক বিপদত পৰিছে।

উল্লেখযোগ্য যে, অসমৰ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ছালাবিলা গাওঁৰ ময়নাল হকৰ পুত্ৰ ফমিৰুল হকে ল’কডাউনৰ ফলত ওমানত আবদ্ধ হৈ পৰিবলগীয় হৈছে।

জানিব পৰা মতে, ভিছাৰ বৈধতা সমাপ্ত হোৱাত ওমানতো তেওঁ প্ৰত্যাহবানৰ সন্মুখীন হবলগীয়া হৈছে।

ইপিনে, ফমিৰুল হকে ওমানত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিও কোনো উত্তৰ লাভ নকৰাত ফমিৰুলৰ পৰিয়াল বৰ্গ দুঃচিন্তাত ভূগিছে।

ওমানত আৱদ্ধ অসমৰ যুৱক ফমিৰুলে এতিয়া অসমৰ মুখ্য মন্ত্ৰীলৈ বিনম্ৰ অনুৰোধ জনায় যিকোনো প্ৰকাৰে তেওঁক ঘৰলৈ ঘুৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ কৰিছে।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ থকাত বিভিন্ন স্থানত বিভিন্ন দেশৰ নাগৰিক আৱদ্ধ হৈ থাকিবলগীয়া হৈছে।