NORTHEAST NOW (Assamese)
অসম

অখিল গগৈৰ নিৰ্বাচনী প্ৰতীক চিহ্ন হ’ব গেছ চিলিণ্ডাৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ March 12, 2021 5:13 pm
a gas

ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী অখিল গগৈৰ নিৰ্বাচনী প্ৰতীক চিহ্ন প্ৰদান; গেছ চিলিণ্ডাৰ হব অখিল গগৈৰ প্ৰতীক চিহ্ন।

আজি শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াই ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈৰ নিৰ্বাচনী প্ৰতীক চিহ্ন প্ৰদান কৰে।

অখিল গগৈৰ নিৰ্বাচনী প্ৰতীক চিহ্ন  হ’ব গেছ চিলিণ্ডাৰ।

a akhi

নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দল নিৰ্বাচন আয়োগৰ পৰা পঞ্জীয়ন নোহোৱাৰ বাবে ৰাইজৰ দলৰ সকলো প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব।

আজি শিৱসাগৰ নিৰ্বাচনী বিষয়াৰ পৰা ৰাইজৰ দলৰ হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে অখিল গগৈৰ নিৰ্বাচনী প্ৰতীক চিহ্ন সংগ্ৰহ কৰে।