NORTHEAST NOW (Assamese)
অসম

হাওৰাঘাটৰ লেমপ্‌ছৰ নিৰ্বাচনত আটাইকেইখন আসনত বিজয়ী বিজেপি

Posted by: নংগি তেৰাং June 16, 2018 10:01 am
EM-Khansing-Rongpi-at-the-Lamps-Ltd.-election-result.-570x320

কাৰ্বি আংলঙৰ হাওৰাঘাটত অৱস্থিত কাংকি বেল’গুৰি লেমপ্‌ছৰ LAMPS (Large Scale Multi-Purpose Cooperative Society) নিৰ্বাচনত সকলোকেইখন আসনতেই বিজয়ী হৈছে। বৃহস্পতিবাৰে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াত কংগ্ৰেছে এখন আসনো লাভ কৰিবলৈ সামৰ্থ্য নহ’ল।

১৫খন আসনৰ ভিতৰত ১২খন সাধাৰণ, দুখন মহিলাৰ বাবে সংৰক্ষিত আৰু এখন অনুসূচিত জাতি/জনজাতিৰ বাবে সংৰক্ষিত আছিল।

কংগ্ৰেছে গোটেইখেইখন আসনতেই প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এখন আসনতো বিজয়ী হ’ ব নোৱাৰিলে।

বৃহস্পতিবাৰে ৪-০০বজাৰ পৰা ভোট গণনা আৰম্ভ কৰা হৈছিল আৰু মাজনিশালৈকে ভোট গণনা চলি আছিল। শেষনিশা নিৰ্বাচনৰ ফলাফল ওলাইছিল।

বিজেপিৰ বিজয়ী প্ৰাৰ্থীসকল হৈছে বালিৰাম ইংতি, ভক্ত ঘোষ, ধনেশ্বৰ বড়ো, দিলীপ সিং ইংতি, গণেশ বৰা, লংকি ইংতি, মহেন্দ্ৰ ৰংচেহন, মায়াৰাণী নমঃসূদ্ৰ, মুকুল নাথ, নোমল পাঠক, সুবন্ত নাথ, সুদৰ্শন চৌহান, ছেছিং টেৰন, বীণা ব্ৰহ্ম আৰু খান টেৰংপি।

ৰিটাৰ্নিং বিষয়া আছিল দীপক মণ্ডল আৰু কেওঁৰ সহকাৰী আছিল বিচিত্ৰ ইংতি আৰু ৰাগেন ইংতি।

কাৰ্বি আংলং স্বায়ত্ব-শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি, পূব কাৰ্বি আংলং জিলা কমিটীৰ বিজেপি এছটি মঞ্চৰ সভাপতি ৰুকমা কাৰ্বি আৰু অন্যন্য বহুতো লেমপ্‌ছৰ কাৰ্যালয়ত নৱনিৰ্বাচিত সদস্যসকলক সম্বৰ্ধনা জনোৱাৰ বাবে উপস্থিত আছিল।