NORTHEAST NOW (Assamese)
অসম

নিশা মহানগৰীৰ চানমাৰিত ভয়ংকৰ অগ্নিকাণ্ড; লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 17, 2020 12:07 pm
91066cb6-56a0-4ad3-82c2-3c2e1eb9efc1 (1)

বৃহস্পতিবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাই কাল ৰূপ ধাৰণ কৰাৰ সময়তে গুৱাহাটী মহানগৰীৰ চানমাৰিত সংঘটিত এটা ভয়ানক অগ্নিকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে।

জানিব পৰা মতে নিশা চানমাৰিৰ এখন ৰেস্তোৰাত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত ৰেস্তোৰাখন সম্পূৰ্ণৰূপে জুইত জাহ যায়।

ৰেস্তোৰাখন জুইয়ে সম্পূৰ্ণৰূপে আৱৰি ধৰাত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় যদিও কিছু সময় পিছতেই ঘটনাস্থলত অগ্নিনিৰ্বাপক বাহিনী  উপস্থিত হৈ জুই  নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয়।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

ৰেস্তোৰাখনৰ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় যদিও ইয়াৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

আনহাতে জুইত জাহ যোৱা ৰেস্তোৰাখনৰ নাম আৰু ইয়াৰ স্বত্তাধিকাৰীৰ পৰিচয় এই পৰ্যন্ত জানিব পৰা হোৱা নাই।