NORTHEAST NOW (Assamese)

হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বি টি চিত সম্পন্ন ধৰ্মীয় সংখ্যালঘূ সংসদৰ শপত গ্ৰহণ অনুস্থান

May 10, 2018 6:57 pm · ৰিনয় বসুমতাৰী
Updated: May 10, 2018 7:06 pm

বৃহস্পপতিবাৰে বি টি চিৰ মুখ্য কাৰ্যবাহী বিষয়া হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত ধৰ্মীয় সংখ্যালঘূ সংসদৰ শপত গ্ৰহণ অনুষ্ঠান কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালাত অনুষ্ঠিত হয়।

নতুন সভাপতি আফজল হক সৰকাৰ, আইনাল হক আৰু ৰাজাউল হকক সাধাৰণ সম্পাদক হিচাপে লৈ গঠিত হোৱা ধৰ্মীয় সংখ্যালঘূ সংসদৰ ৭১ জনীয়া কমিটীখনে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে।

শপত গ্ৰহণৰ পাছত ধৰ্মীয় সংখ্যালঘূ সংসদৰ নৱ নিৰ্বাচিত সভাপতি আফজল হকে কয় যে বি টি চি এলেকাত শান্তি, সম্প্ৰীতি আৰু সৰ্বতো প্ৰকাৰৰ বিকাশৰ বাবে কমিটাখনে কাম কৰি যাব।

হাগ্ৰামা মহিলাৰীয়ে কয় যে ধৰ্মীয় সংখ্যালঘূ সংসদ বড়োলেণ্ড আন্দোলনৰ সময়ৰ পৰাই বড়োসকলৰ সৈতে আছে আৰু আন্দোলনৰ সময়চোৱা আৰু বি টি চিৰ গঠনত ধৰ্মীয় সংখ্যালঘূ সংসদে যথেষ্ট অৱদান আগবঢ়াইছিল।তেওঁলোক এতিয়াও বড়োসকলৰ সৈতে আছে আৰু শান্তি, সম্প্ৰীতি আৰু বিকাশৰ বাবে কাম কৰি আছে বুলি বি টি চিৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে মন্তব্য কৰে।

ধৰ্মীয় সংখ্যালঘূ সংসদৰ মুখ্য উপদেষ্টা বক্তৰ আহমেদ, ভূতপূৰ্ব সভাপতি গুলজাৰ মুল্লাহ হুছেইন, গোসাইগাঁওৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, প্ৰাক্তন বিধায়ক প্ৰদীপ কুমাৰ ব্ৰহ্মও এই অনুষ্ঠানত উপস্থিত আছিল।

Related News