NORTHEAST NOW (Assamese)
অসম

হাজোত আৰক্ষীক দম দি ‘ধন লুট’ দুৰ্বৃত্তৰ

Posted by: এন ই নাও নিউজ May 4, 2018 10:45 pm
police looted in assam

চোকা অস্ত্ৰ দেখুৱাই হাজোৰ সাতদলা গাঁৱত অসম আৰক্ষীৰ আতোৱাৰ ৰহমান নামৰ এজন হাবিলদাৰৰ পৰা ৩ জন দুৰ্বৃত্তই ৩০ হাজাৰ টকা লুটি নিয়াৰ অভিযোগ উত্থাপিত হৈছে।

মকিবুৰ ৰহমান, সোণা আৰু হীৰা নামৰ লোক তিনিজনে ধনখিনি লুটি নিয়া বুলি অভিযোগ কৰি ৰহমানে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

অভিযোগ অনুসৰি লোককেইজনে বাইকত আহি চোকা অস্ত্ৰ দেখুৱাই ৰহমানক লুটি নিয়ে। ৰহমানে জনোৱা মতে গৰু কিনিবৰ বাবে তেওঁ ধনখিনি আনিছিল।

ৰহমান গুৱাহাটীৰ আই এচ বি টি আৰক্ষী চকীৰ হাবিলদাৰ।