NORTHEAST NOW (Assamese)

হাজোৰ পঞ্চতীৰ্থ শিশু-শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী অনুষ্ঠানত অংশ গ্ৰহণ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

March 25, 2018 7:49 pm · এন ই নাও নিউজ
Updated: March 25, 2018 7:52 pm

যোৱা কিছু দিন ধৰি ৰাজ্যখনত নাৰীৰ মৰ্য্যাদা হানিকৰ যিবোৰ ঘৃণনীয় ঘটনা সংঘটিত হৈছে তাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। এনেবোৰ কাৰ্যত জড়িত থকা অপশক্তিক কঠোৰ হাতেৰে দমন কৰা হ’ব। এই অপশক্তিৰ বিৰুদ্ধে সমাজে শক্তিশালী ৰূপত প্ৰতিবাদ কৰিব লাগিব। চৰকাৰ আৰু জনসাধাৰণে অসমৰ সমাজ জীৱনত সাতামপুৰুষীয়া মূল্যবোধ ৰক্ষা কৰিবলৈ যৌথভাৱে কাম কৰিব লাগিব। অসমীয়া জাতিয়ে মৰ্য্যাদা সহকাৰে জীয়াই থাকিবলৈ হ’লে সমাজ সচেতন হ’ব লাগিব আৰু সকলো দিশতে সতৰ্ক দৃষ্টি ৰাখিব লাগিব।‘ দেওবাৰে হাজোৰ পঞ্চতীৰ্থ শিশু-শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

অনুষ্ঠানটোত মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ‘শিক্ষা ব্যৱস্থাটোৰ মাজত শিক্ষা-সংস্কৃতি আৰু ক্ৰীড়াক একেলগে অৱস্থান কৰিব লাগিব। তিনিওটা দিশতে ছাত্ৰ-ছাত্ৰী সকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰয়াস চলাব লাগিব যাতে যিকোনো প্ৰত্যাহ্বানে বিদ্যাৰ্থী সকলক দুৰ্বল কৰিব নোৱাৰে।‘

আদৰ্শ নাগৰিক আদৰ্শ বিদ্যালয়ৰ দ্বাৰাহে সম্ভৱ বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে সমাজৰ নেতিবাচক দিশবোৰ আঁতৰাবলৈ হ’লে ভাল ব্যক্তিৰ উন্মেষ সাধন কৰিব লাগিব। লগতে কয় যে সুন্দৰ মানৱ সমাজ নিৰ্মাণ কৰি সামাজিক, সাংস্কৃতিকভাৱে শক্তিশালী কৰি মূল্যবোধৰ ভেঁটি সুদৃঢ় কৰিব লাগিব।

আজিৰ অনুষ্ঠানতে মুখ্য মন্ত্ৰী গৰাকীয়ে বিদ্যালয়খনত এটি বিজ্ঞান গৱেষণাগাৰ নিৰ্মাণৰ বাবে পুঁজি যোগান ধৰিব বুলিও ঘোষণা কৰে।

বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকাই ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত বিধায়ক অশোক শৰ্মা, অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদ্বীপ কলিতাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটো পৌৰোহিত্য কৰে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নিত্যানন্দ কলিতাই।

ইয়াৰ পিছতে মুখ্য  মন্ত্ৰী গৰাকীয়ে নলবাৰী জিলাৰ বৰআজাৰত বাসন্তী পূজাৰ অনুষ্ঠানটোত অংশ গ্ৰহণ কৰে। এই অনুষ্ঠানটোত সাংসদ ৰমেন ডেকা, প্ৰাক্তন অধ্যক্ষ তথা বিধায়ক ৰঞ্জিত দাস, বিধায়ক সকল ক্ৰমে নোমল মমনি, ভৱেশ কলিতা, নাৰায়ণ ডেকা, অশোক শৰ্মা, সমাজ কৰ্মী অজয় জামুৱালকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Related News