NORTHEAST NOW (Assamese)

হাজো-নলবাৰী-গুৱাহাটী পথত ডিঙি কটা মৃতদেহ উদ্ধাৰ: উত্তেজিত ৰাইজৰ পথ অৱৰোধ

April 25, 2018 3:09 pm · প্ৰদীপ কুমাৰ বৰ্মন

কামৰূপ জিলাৰ বামুণবড়ীত আজি এটা ডিঙি কটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।

ঘটনাৰ ন্যায় বিচাৰি আৰু হত্যাকৰীৰ উচিত শাস্তিৰ দাবীত হাজো-নলবাৰী-গুৱাহাটী পথ অৱৰোধ কৰি টায়াৰ আদি জ্বলাই সহস্ৰ ৰাইজে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে।

আনহাতে, এই ঘটনাত অতি ব্যস্ত পথটো বন্ধ হৈ পৰাত ৰাইজৰ ভীষণ সমস্যাৰ সৃষ্টি হৈছে। ঘটনাস্থলীত আৰক্ষীৰ দল আহি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে ।

হত্যাৰ বলি হোৱা লোকজন বামুণবড়ীৰ নুৰুল আমিন (৪২) বুলি চিনাক্ত কৰা হৈছে। বৰ্তমানলৈকে হত্যাকাণ্ডৰ ৰহস্য পোহৰলৈ অহা নাই।

ইপিনে আৰক্ষীয়ে তদন্তত হেমাহি কৰাৰ অভিযোগ তুলি উত্তেজিত ৰাইজে দোষীক কৰায়ত্ব নকৰালৈকে পথ অৱৰোধ অব্যাহত ৰখাৰ হুংকাৰ দিছে।

Related News