NORTHEAST NOW (Assamese)
অসম

হাফলঙত ৰটাৰি ক্লাৱৰ উদ্যোগত বায়’ টয়লেটৰ ওপৰত কৰ্মশালা

Posted by: পংকজকুমাৰ দেব May 3, 2018 1:38 pm
আজি হাফলঙত ৰটাৰি ক্লাব হাফলং হিলছৰ উদ্যোগত স্থানীয় ল্যাণ্ডমাৰ্ক হোটেলত বায়’ টয়লেটৰ ব্যবহাৰৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালা অনুষ্ঠিত কৰাত ৰ’টাৰি ক্লাবক সহযোগিতা কৰে গুৱাহাটীৰ ফ্ৰন্টিয়াৰ নামৰ সন্থাটোৱে।
কৰ্মশালাত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ই এম তথা ৰটাৰি ক্লাব হাফলং হিলছৰ প্ৰেচিডেণ্ট কুলেন্দ্ৰ দাউলাগুপু, হাফলং টাউন কমিটিৰ চেয়াৰমেন অনিল দাউলাগুপু, সমল ব্যক্তি দিব্যজ্যোতি হাজাৰিকা আদি উপস্থিত থাকে।
কৰ্মশালাখনত ভাষণ প্ৰদান কৰি হাজাৰিকাই বায়’ টয়লেটৰ উপকাৰীতা সম্পৰ্কে দীঘলিয়া সময়ধৰি বক্তব্য ৰাখি কয় যে আমাৰ দেশত প্ৰতি বছৰে ৬ লাখ মানুহৰ পানীৰ কাৰনে হোৱা ৰোগৰ বাবে মৃত্যু হয়।
পৰম্পৰাগত শৌচালয় বিজানু কঢ়িয়াই আনি বেমাৰৰ সম্ভাৱনা বঢ়াই তোলাৰ বিপৰীতে বায়’ টয়লেট পৰিবেশ অনুকুল হোৱাৰ লগতে ইয়াৰ খৰচো কম বুলি তেওঁ উল্লেখ কৰে।
ইয়াৰ উপৰি আজিৰ দিনত বিশেষকৈ চহৰত হোৱা জন সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কম ঠাইতে সাজিব পৰা এইধৰণৰ শৌচালয় নিৰ্মাণ কৰাৰ বাবে সজাগতা সৃষ্টিৰ ওপৰত তেওঁ গুৰুত্ব দিয়ে।
বিভিন্ন দল সংগঠনৰ লগতে বিভাগীয় বিষয়া মুৰব্বী সকল উপস্থিত থকা এই কৰ্মশালাত পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ই এম কুলেন্দ্ৰ দাউলাগুপু, টাউন কমিটিৰ চেয়াৰমেন অনিল দাউলাগুপু আদিয়েও  বক্তব্য ৰাখে।