NORTHEAST NOW (Assamese)

হাফলঙত আচাম ৰাইফলচৰ চাইকেল ৰেলি

January 11, 2018 3:10 pm · পঙ্কজ কুমাৰ দেব
হাফ্লঙত আচাম ৰাইফল্ছৰ চাইকেল ৰেলি
আচাম ৰাইফলচৰ ৰাইজিঙ ডে’ উপলক্ষে বৃহস্পতিবাৰে হাফলঙত থকা ৪৩ আচাম ৰাইফলচৰ উদ্যোগত হাফলঙৰ পৰা সেনা জোৱানসকলৰ এক চাইকেল ৰেলি উলিওৱা হয়। ৰেলিটো হাফ্লঙৰপৰা ৰেটজল, হাৰাঙ্গাজাও হৈ শিলচৰত উপস্থিত হ’ব।
ডিমা হাচাও জিলাৰ উপায়ুক্ত দেৱজ্যোতি হাজৰিকাই আজি ৰাতিপুৱা ন বজাত ফিতা কাটি চাইকেল ৰেলিৰ উদ্বোধন কৰে। জিলা উপায়ুক্তই কয় আচাম ৰাইফলচৰ এই ৰেলিয়ে ভ্ৰাতৃত্ব বন্ধনত অৰিহনা যোগাব। তেওঁ কয় যে এই ৰেলিয়ে ৰাইজ আৰু আচাম ৰাইফলচৰ মাজৰ সম্পৰ্ক আৰু সুদৃঢ় কৰিব।
অনুষ্ঠানত জিলা উপায়ুক্তৰ উপৰি ৪৩ আচাম ৰাইফলচৰ কমাণ্ডিং অফিচাৰ গগন পাণ্ডে আৰু মেজৰ শৈলেশ যাদৱো উপস্থিত থাকে।
আজি ৰেটজলত এক স্বাস্থ্য পৰীক্ষা শিবিৰতো অংশ ল’ব চাইকেল ৰেলি দলটোৱে। হাৰাঙ্গাজাওত আজি ৰাতিটো কটোৱাৰ পাছত দলটো কাইলৈ শিলচৰৰ উদ্দেশ্যে ৰাওনা হ’ব।
উল্লেখ্য শিলচৰত অনুষ্ঠিত ৰাইজিং ডে’ অনুষ্ঠানত মনিপুৰ, মিজোৰাম, ত্ৰিপুৰাৰ লগতে হাফলঙেও অংশ গ্ৰহণ কৰিব। সিদিনাৰ চাইকেল ৰেলি অভিযানত আচাম ৰাইফলচৰ শতাধিক জোৱান উপস্থিত থাকিব।

Related News