NORTHEAST NOW (Assamese)
অসম

হাফলঙত পলিথিন আৰু প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ

Posted by: পংকজ কুমাৰ দেব May 15, 2018 7:32 pm
plastic-bag

পলিথিন, প্লাষ্টিকৰ ব্যৱহাৰৰ বিৰোধিতাৰে হাফলং নগৰ সমিতিয়ে আজি এক নিৰ্দেশনা যোগে চহৰখনত পলিথিন বেগ, প্লাষ্টিক গ্লাছ আৰু থাৰ্ম’কল আদিৰ ব্যৱহাৰ আৰু বিক্ৰী নিষিদ্ধ কৰিছে।

যিহেটু এইধৰণৰ সামগ্ৰীসমূহে প্ৰদূষণৰ লগতে নলা-নৰ্দমা আদি বন্ধ কৰি বিভিন্ন ধৰণৰ বেমাৰ সৃষ্টিত সহায় কৰে সেয়ে হাফলং নগৰ সমিতিৰ সভাপতিয়ে এক নিষেধাজ্ঞা যোগে চহৰখনৰ সকলো ব্যৱসায়ী আৰু শাক-পাচলি বেপাৰিকে সমূহ দোকানীক প্লাষ্টিক আৰু পলিথিনিৰ সামগ্ৰী ব্যৱহাৰ আৰু বিক্ৰী নকৰিবলৈ নিৰ্দেশ দিছে।

নিৰ্দেশটোত লগতে কোৱা হৈছে যে এই নিষেধাজ্ঞা মানি নচলা সকলৰ ওপৰত ৫,০০০ টকাৰ জৰিমনা বিহা হ’ব।

হাফলঙক এখন পলিথিনমুক্ত অঞ্চল হিচাপে গঢ়িবলৈ নগৰ সমিতিয়ে লোৱা এই পদক্ষেপক সহায় সহযোগ কৰিবলৈ হাফলং নগৰ সমিতিয়ে চহৰখনৰ জনসাধাৰণক অনুৰোধ জনাইছে।

উল্লেখযোগ্য যে পৰিবেশ প্ৰদূষণৰ অন্যতম প্ৰধান কাৰক পলিথিন বেগৰ ব্যৱহাৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰাও ইতিমধ্যে নিষেধাজ্ঞা আৰোপ কৰি থোৱা আছে।