NORTHEAST NOW (Assamese)
অসম

আকৌ বীৰু-বাসন্তীৰ কাহিনী! বিয়া কৰিবলৈ নাপাই বিদ্যুতৰ খুঁটাত উঠিল ৬০ বছৰীয়া বৃদ্ধ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 12, 2021 2:34 pm
a mann

শ্বোলে ছবি খন যিসকলে উপভোগ কৰিছে তেওঁলোকে বীৰু-বাসন্তীৰ কথা হয়তো পাহৰিব পৰা নাই।

বাসন্তীক পাবলৈ বীৰৱে পানীৰ টেংকিত উঠি বাসন্তীৰ নাম লৈ চিঞৰি আছিল।শ্বোলে ছবি খনত দেখুওৱাৰ দৰেই ঘটনা এটা ঘটিল বাস্তৱত।

ৰাজস্থানৰ ঢোলপুৰৰ বাসিন্দা ছোবৰাণ সিং।

৬০ বছৰীয়া ছোবৰাণৰ পত্নীৰ বিয়োগ ঘটিছে যোৱা বছৰ।

পাঁচটা সন্তানৰ পিতৃ ছোবৰাণে পুনৰ বিয়া কৰোৱাবৈ বিচৰাকলৈ সন্তানসকলৰ সৈতে তেওঁৰ প্ৰায়ে কাজিয়াৰ সৃষ্টি হৈ আহিছিল।অৱশেষত নিজৰ দাবী পূৰণ কৰাৰ লক্ষ্যৰে ছোবৰাণ উঠিল গাঁওৰ মাজেৰে পাৰ হৈ যোৱা হাই ভল্টেজ বিদ্যুতৰ খুঁটাত।

এই দৃশ্য দেখি গাঁও খনত হৈ-চৈ লাগিল।ঘটনাস্থলীত উপস্থিত হ’ল ছোবৰাণৰ পৰিয়ালৰ লোকো।সকলোৱে ছোবৰাণ সিঙক তললৈ নামি অহাৰ বাবে খাটনি ধৰিলে। কিন্তু ছোবৰাণ নাচোৰবান্দা।

কোনো কাৰণতে তেওঁ তললৈ নামি নাহে। ইয়াৰ বিপৰীতে লোকজনে হাই ভল্টেজ তাঁৰ চুই দিয়াৰহে ভাবুকি দিলে।কেৱল ভাবুকি দিয়াতে ক্ষান্ত নাথাকিল তেওঁ ।

এটা সময়ত তেওঁ হাই ভল্টেজ তাঁৰ চুয়ো দিলে । কিন্তু সৌভাগ্য ক্ৰমে একো অঘটন নঘটিল।কাৰণ ইতিমধ্যে ৰাইজৰ মাজৰে কোনোৱাই বিদ্যুতৰ কাৰ্যালয়ত খবৰ দিয়াত বিদ্যুৎ সংগোয কাটি দিয়া হৈছিল।

এনেদৰে বহু সময় ধৰি ৰুদ্ধ শ্বাস নাটকৰ পিছত গাঁওৰে এজন কম বয়সীয়া যুৱকৰ বুজনিত তললৈ নামি আহিল ছোবৰাণ।তললৈ নামি অহাৰ পিছত ছোবৰাণক সকলোৱে সুধিলে তেওঁ কাক বিয়া পাতিব বিচাৰে।ছোবৰাণে ক’লে—তেওঁ নিৰ্দিষ্টকৈ কাক বিয়া পাতিব সেয়া এতিয়াও ঠিক কৰা নাই।

তেওঁ মাথো আকৌ বিয়া পাতিব বিচাৰে, কাৰণ পত্নীৰ বিয়োগৰ পিছত তেওঁ নিজকে নিঃসংগ অনুভৱ কৰিছে আৰু সেই নিঃসংগতা দূৰ কৰাৰ বাবেই তেওঁ আকৌ বিয়া পাতিব বিচাৰিছে।

ছোবৰাণৰ কথা শুনি সকলো হৈ পৰিল মৌন ।