NORTHEAST NOW (Assamese)
অসম

মই বিধানসভাত অসমবাসী ৰাইজৰ মুখপাত্ৰ হ’ব খোজো: অখিল গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 12, 2021 1:20 pm
WhatsApp-Image-2020-07-16-at-4.23.15-PM-750x375

অসমবাসী ৰাইজলৈ এক বিনম্ৰ আহ্বান জনাইছে কাৰাবন্দী নেতা অখিল গগৈয়ে।

ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই কাৰাবন্দী নেতাগৰাকীৰ এই আহ্বানৰ কথা সদৰী কৰে।

অখিল গগৈয়ে কয়, “মই বিধানসভাত অসমবাসী ৰাইজৰ মুখপাত্ৰ হ’ব খোজোঁ”।

তেওঁ লগতে কয়,”মই বিধানসভাত চৰকাৰৰ জাতিদ্ৰোহী প্ৰতিটো কামৰ বিৰুদ্ধে সিংহৰ দৰে গৰজি উঠিব খোজোঁ।‘’

কাৰাবন্দী অখিল গগৈয়ে ৰাইজলৈ আহ্বান জনাইছে, “বিধিগতভাৱে এজন প্ৰাৰ্থীৰ নিৰ্বাচনৰ খৰচ নিৰ্ধাৰণ কৰা হৈছে ৩০ লাখ। মই যিহেতু কাৰাৰুদ্ধ হৈ আছো আৰু মোৰ কোনো জমা টকা নাই। সেয়েহে অসমবাসী সকলো নাগৰিককে মোক আৰ্থিকভাৱে সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছো। যিসকলে ভোট যুদ্ধৰ বাবে মোক দান-বৰঙণি দিব খোজে তেখেতসকলে তলৰ বেংক একাউণ্টত সেই ধন জমা দিব পাৰিব।‘’

বেংকৰ নাম-ভাৰতীয় ষ্টেট বেংক, দিছপুৰ শাখা

একাউণ্ট নম্বৰ- 40061709121

IFSC- SBIN0003030”

আনহাতে, বৃহস্পতিবাৰে মৰিয়নীৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অখিল গগৈয়ে। সেই অনুসাৰে, এতিয়া অকল শিৱসাগৰৰ পৰাহে প্ৰতিদ্বন্দ্বিতা কৰিব কাৰাবন্দী নেতা গৰাকীয়ে।

মৰিয়নী অখিল গগৈৰ গৃহ সমষ্টি আছিল যদিও বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতেই ৰাইজৰ দলে এই সিদ্ধান্ত লোৱা বুলি বুলি কোৱা হৈছে।