NORTHEAST NOW (Assamese)
অসম

হাফলঙত বৃ্হস্পতিবাৰৰ পৰা দুদিনীয়াকৈ ডিমা হাচাও জিলা আন্তঃ বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা

Posted by: পংকজ কুমাৰ দেব February 8, 2018 7:58 pm
হাফলঙত বৃ্হস্পতিবাৰৰ পৰা দুদিনীয়াকৈ ডিমা হাচাও জিলা আন্তঃ বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা

হাফলঙৰ এন এল দাউলাগুপু ক্ৰীড়া প্ৰকল্পত বৃ্হস্পতিবাৰৰ পৰা দুদিনীয়াকৈ ডিমা হাচাও জিলা আন্তঃ বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে।

প্ৰতিযোগিতাখনত ল’ৰা আৰু ছোৱালী উভয় শাখাতে এথলে’তিক্স, ভলিবল, বাস্কেত বল, খ’ খ’, টেবল টেনিচ আৰু বেদমিণ্টন খেল অনুষ্ঠিত হ’ব।

জিলাখনৰ আঠটা মণ্ডলৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত ভাগ লৈছে।

জিলাখনৰ এজন প্ৰবীন খেলুৱৈ হাইদৰ আলি ৰিম্বাইয়ে অংশগ্ৰহণকাৰীসকলক ভৱিষ্যতে সফল খেলুৱৈ হ’বৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়ে।

এচ তি জে’মছ ৰাংখলে জিলাখনত পৰিমাণ আৰু গুণমান দুয়ো ক্ষেত্ৰতে জিলাখনত হোৱা খেলৰ বিকাশৰ বিষয়ে বিস্তৃতভাৱে কয়। অনুষ্ঠানটোত হকি, হেণ্ডবল আৰু অন্যান্য খেলত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত ভাগ লোৱা খেলুৱৈসকলক ৫০০০ টকাকৈ আগবঢ়োৱা হয়।

অনুষ্ঠানটোত অন্যান্য লোকৰ লগতে বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষক, অভিভাৱক আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ভাগ লয়।