NORTHEAST NOW (Assamese)
অসম

ধানৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো শইচৰ লাইব্ৰেৰী স্থাপন অসমৰ যুৱকৰ

Posted by: এন ই নাও নিউজ February 8, 2018 9:02 pm
seed-library-570x320

ইতিহাসৰ স্নাতক এগৰাকী কৃষক মোহন চন্দ্ৰ বৰাই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো থলুৱা জাতৰ বীজ সংৰক্ষণৰ লাইব্ৰেৰী স্থাপনৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে।

অঞ্চলটোৰ জলবায়ুৰ তাৰতম্যৰ বাবে নিম্ন গ্ৰহণযোগ্যতাৰ পৰা পাৰিপাৰ্শ্বিক তাপমাত্ৰালৈ, আৱদ্ধ পানী, সঘনাই হোৱা বানপানী, নতুন জাতৰ উত্থান আৰু মাটিৰ গুণাগুণ হ্ৰাস আৰু বৰষুণৰ পৰিমান হ্ৰাস আদিয়ে কিছুমান একক প্ৰজাতিৰ ধান অদূৰ ভৱিষ্যতে বিলুপ্ত হোৱাৰ দিশে আগবাঢ়িছে।

অঞ্চলটোত ধানৰ উৎপাদনৰ সমস্যাৰ জোৰা মাৰিবলৈ আৰু বিৰল থলুৱা ধানৰ প্ৰজাতিসমূহ সংগ্ৰহ কৰি ৰাখিবলৈ ‘অন্নপূৰ্ণা লাইব্ৰেৰী’ নামেৰে এটা একক লাইব্ৰেৰী স্থাপন কৰা হৈছে যিয়ে পৰিৱৰ্তিত জলবায়ুৰ লগত তাল মিলাই পূৰ্বজ বৈচিত্ৰ্যপূৰ্ণ ধানৰ খেতি সুৰক্ষিত কৰাত সহায় কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে বিভিন্ন প্ৰজাতিৰ ধান সংৰক্ষণ কৰিব।

এটা লাইব্ৰেৰী স্থাপনৰ আঁৰত থকা ধাৰণাটোৰ বিষয়ে ক’বলৈ গৈ বৰাই উল্লেখ কৰে, ‘’খেতিয়কসকলে মোৰ ওচৰলৈ বীজ জমা দিবলৈ আহে। মই সেই বীজ এডৰা মাটিত সিচিদিওঁ আৰু তাৰপিছত আন লোকেও কঠিয়া নিবলৈ আহে।‘’

যোৰহাট জিলাৰ মেলেঙত ১২ বছৰ আগতে বৰাই বীজৰ ভঁৰালটো আৰম্ভ কৰিছিল। তেওঁৰ গাওঁৰ জ্যেষ্ঠসকলৰ পৰা লাভ কৰা ধান খেতিৰ পৰম্পৰাগত শিক্ষা তথা জ্ঞানৰ আঁত ধৰি বৰাই ধানৰ একক প্ৰজাতিৰ বীজ বিচাৰি উত্তৰ-পূৰ্বাঞ্চল চলাথ কৰিছিল।

অন্নপূৰ্ণা লাইব্ৰেৰীত ক’লা ধান, বানপানীতো বৰ্তি থকা ধান, পাহাৰীয়া ধানকে ধৰি বিভিন্ন প্ৰজাতিৰ ধান পোৱা যাব।

‘’ মই তিনিটা ভিন্ন প্ৰজাতিৰ ধানেৰে এই প্ৰচেষ্টাটো আৰম্ভ কৰিছিলো, কিন্তু এতিয়া ২৫০ বিধতকৈয়ো অধিক প্ৰজাতিৰ ধানৰ সংগ্ৰহ আছে আৰু বেছিভাগেই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা সংগ্ৰহ কৰা,’’-বৰাই সাংবাদিকৰ আগত কয়।

অন্নপূৰ্ণা লাইব্ৰেৰীটো কেলিফৰ্ণিয়াস্থিত ৰিচমণ্ড গ্ৰোছ ছীড লেণ্ডিং লাইব্ৰেৰীৰ এটি সগোত্ৰীয় লাইব্ৰেৰী।

বৰাই লগতে শদিয়া, বালিপাৰা, কাজিৰঙা আদি ৰাজ্যখনৰ আন অঞ্চলতো এনেধৰণৰ লাইব্ৰেৰী স্থাপনৰ তেওঁৰ আগ্ৰহৰ কথা প্ৰকাশ কৰে।