NORTHEAST NOW (Assamese)
অসম

হিজবুল মুজাহিদিনত যোগদান কৰা কমৰুজৰ পৰিয়ালৰ লোকক আৰক্ষীৰ সোধা-পোছা

Posted by: এন ই নাও নিউজ April 11, 2018 2:39 pm
Hizbul Mujahidin

অসমৰ যুৱকে নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনত যোগদান কৰা বুলি ওলোৱা খবৰে স্বাভাবিকতে অস্বস্তিত পেলাইছে ৰাজ্যবাসীৰ লগতে অসম আৰক্ষীক। হোজাই জিলাৰ যমুনামুখ থানাৰ অন্তৰ্গত দৈনিক বজাৰৰ ইব্ৰাহিম ঝামানৰ পুত্ৰ কমৰুজ ঝামানে হিজবুল মুজাহিদিনত যোগদান কৰা বুলি ছ’চিয়েল মিডিয়া যোগে এখন ফটো  ভাইৰেল হোৱাৰ পাছতে অসম আৰক্ষীৰ সন্মুখত ন ন সমস্যাই দেখা দিছে।

উল্লেখ্য যে আৰক্ষীয়ে কমৰুজ ঝামানৰ সন্ধানত ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰা বুলি জনায় হোজাই জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে। লগতে অসম আৰক্ষীৰ হাতত থকা তথ্যৰ ভিত্তিত কাশ্মীৰ আৰক্ষীৰ সৈতে যোগাযোগ স্থাপন কৰি যুৱকজন তাত যে আছিল সেয়া নিশ্চিত কৰা হৈছে।

ইপিনে, ছ’চিয়েল মিডিয়া যোগে ভাইৰেল হোৱা আলোকচিত্ৰই এজন যুৱকৰ কোনো নিষিদ্ধ ঘোষিত সংগঠনত যোগদান কৰাৰ প্ৰমাণ দিব নোৱাৰে। আৰু সেয়া বৰ্তমানলৈকে সু-নিশ্চিত হোৱা নাই বুলি প্ৰকাশ কৰাৰ লগতে যুৱকজনে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱাৰ কোনো তথ্য আৰক্ষীৰ হাতত নাই বুলিও অধীক্ষকগৰাকীয়ে ব্যক্ত কৰে।

উল্লেখযোগ্য যে পুত্ৰৰ ভাইৰেল হোৱা ফটো দেখি পৰিয়ালৰ লোক সম্পূৰ্ণৰূপে হতাশাগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি কমৰুজ ঝামান ব্যৱসায় সংক্ৰান্তত কাশ্মীৰলৈ যোৱাৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰত আছিল আৰু তাৰ পৰা উভতি আহি বিবাহপাশত আবদ্ধ হৈছিল। তেওঁৰ এটা সন্তানো জন্ম হোৱাত পুনৰ বহিঃৰাষ্ট্ৰলৈ নগৈ যমুনামুখ বজাৰতে এখন ম’বাইলৰ দোকান খুলি ব্যৱসায় আৰম্ভ কৰিছিল।

লক্ষ্যণীয় যে কাশ্মীৰত থকা যমুনামুখৰ বহুকেইজন যুৱকৰ লগত কমৰুজ ঝামানে যোগাযোগ কৰি কাশ্মীৰলৈ গৈ তাতে ব্যৱসায় কৰাৰ সিদ্ধান্ত লয়। সেইমতে ঝামানে ম’বাইলৰ দোকানখন বন্ধ কৰি কাশ্মীৰলৈ ঢাপলি মেলে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

বৰ্তমান কাশ্মীৰত যমুনামুখৰ প্ৰায় ১০ জন যুৱক ব্যৱসায় সূত্ৰে থকা বুলিও খবৰ পোৱা গৈছে। ইপিনে, ভাইৰেল হোৱা আলোকচিত্ৰখন যদি সঁচা, তেন্তে স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকে পুনৰ যুৱকজন গাঁৱলৈ ঘূৰি অহাটো বিচৰা নাই।

আনহাতে এই সন্দৰ্ভত হোজাইৰ আৰক্ষীয়ে কমৰুজৰ বাসগৃহলৈ গৈ পৰিয়ালৰ লোকসকলক সোধা-পোছা কৰে।

সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা তথ্য অনুসৰি ইংৰাজী বিষয়ত স্নাতকোত্তৰ এজন যুৱক উগ্ৰপন্থী হ’বলৈ অসমৰ পৰা  কাশ্মীৰলৈ অহা বুলি জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ওমৰ আব্দুল্লাৰ নিৰাপত্তাৰ লোকে তেওঁক জনায়।