NORTHEAST NOW (Assamese)
দেশ

তামিল ভাষাতেই ৰাখক সন্তানৰ নাম : নৱ বিবাহিতা সকললৈক পৰামৰ্শ এম কে ষ্টালিনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 6, 2025 2:45 pm

হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে কাৰ্যতঃ যুদ্ধ ঘোষণা কৰিছে দক্ষিণৰ ৰাজ্যসমূহে। ইয়াৰ মাজতে তামিলনাদুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে নৱবিবাহিত তামিল দম্পতীসকলক নতুন প্ৰস্তাৱ আগবঢ়াইছে। ষ্টালিনে তেওঁলোকৰ সন্তানক উত্তৰ ভাৰতীয় বা ইংৰাজী নহয়, তামিল নাম দিবলৈ পৰামৰ্শ দিছে। ষ্টালিনৰ আন এটা বাৰ্তা হ’ল মাতৃভাষাক নিজৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা।

শেহতীয়াকৈ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মই যেতিয়াই কোনো বিয়ালৈ যাওঁ, তেতিয়াই নৱবিবাহিত দম্পতীক অনুৰোধ কৰো যে তেওঁলোকৰ সন্তানক তামিল ভাষাত নাম দিয়ক। আমি তামিলনাডুত বাস কৰা তামিল। কিন্তু নামকৰণৰ ক্ষেত্ৰত আমি প্ৰায়ে উত্তৰ ভাৰতীয় বা ইংৰাজীৰ শব্দ বাছি লওঁ। এইটো ঠিক নহয়। সকলোকে অনুৰোধ কৰিছো যে আপোনাৰ সন্তানক তামিল নাম দিয়ক।”

ইয়াৰ লগতে তেওঁ স্থানীয় ব্যৱসায়ীসকললৈ এটা বাৰ্তা প্ৰেৰণ কৰি কয় যে, “আপোনালোক সকলোৱে নিজৰ দোকানখনক নিজৰ সন্তান বুলি গণ্য কৰে। যদি দোকানৰ নাম ইংৰাজীত আছে তেন্তে ইয়াক তামিল শব্দলৈ সলনি কৰক। তামিল ভাষা আৰু সংস্কৃতিক আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। যদি আপোনাৰ দোকানৰ নামো ইংৰাজীত আছে তেন্তে তামিল ভাষাত লিখক।”

মন কৰিবলগীয়া যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিৰোধিতা কৰি তামিলনাডুত নতুন ভাষা যুদ্ধ আৰম্ভ হৈছে। তামিলনাডু ইতিমধ্যে বলপূৰ্বকভাৱে হিন্দী জাপি দিয়াৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদৰ ক্ষেত্ৰলৈ পৰিণত হৈছে। কেন্দ্ৰৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে থিয় দিবলৈ বাৰ্তা দিছে মুখ্যমন্ত্ৰী ষ্টালিনে। ষ্টালিনে ৰাজ্যবাসীক লক্ষ্য নিৰ্ধাৰণ কৰি তামিলনাডুৰ স্বাৰ্থৰ বাবে যুঁজিবলৈ বাৰ্তা প্ৰদান কৰে। তেওঁ কয়, “আমি একত্ৰিত হৈ হিন্দী জাপি দিয়াৰ যিকোনো ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজিব লাগিব।” কেৱল সেয়াই নহয়, চহী কৰাৰ সময়ত ইংৰাজীৰ সলনি তামিল ভাষাত চহী কৰাৰ প্ৰস্তাৱো আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অৱশ্যে এই ভাষা যুদ্ধ আৰু তামিল পৰিচয়ৰ আঁৰত ষ্টালিনৰ কিছু ৰাজনৈতিক স্বাৰ্থ আছে বুলি অৱগত মহলে বিশ্বাস কৰে। ২০২৬ চনত তামিলনাডুত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই নিৰ্বাচনত শাসকীয় দল ডি এম কেৰ মূল প্ৰতিদ্বন্দ্বী এ আই এ ডি এম কে। শেহতীয়াকৈ বিজেপিয়ে এআইএডিএমকেৰ সৈতে মিত্ৰতা কৰি আগন্তুক নিৰ্বাচনত তামিলনাডুত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে। ষ্টালিনে এই মিত্ৰতাৰ বিৰুদ্ধে তামিল পৰিচয়ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে। ডি এম কে বিজেপিক হিন্দী আৰু তামিল বিৰোধী সমৰ্থক হিচাপে চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।