কাইলৈ ১৩খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয় আৰু ব্যৱসায়িক প্ৰতিষ্ঠান

কাইলৈ অৰ্থাৎ ৭ মে’ত ৰাজ্যৰ ১৩খনকৈ জিলাত বন্ধ ঘোষণা কৰা হৈছে।
৭ মে’ত ১৩খন জিলাত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
পঞ্চায়ত নিৰ্বাচনৰ বাবে ৭ মে’ত চৰকাৰী বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। অসম চৰকাৰে ১১ এপ্ৰিলত এক নিৰ্দেশনা যোগে জাৰি কৰিছিল এই নিৰ্দেশনা।
৭ মে’ত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ (মহানগৰ), হোজাই, নগাঁও, মৰিগাঁও আৰু দৰঙত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে।
কাইলৈ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন এলেকাৰ অন্তৰ্গত বেংক, চাহ বাগিচা আদিকে ধৰি সকলো চৰকাৰী/বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব।