NORTHEAST NOW (Assamese)
অসম

চামগুৰিত বিধেয়ক বাতিলৰ দাবীত বাংলভাষী লোকৰ জোঁৰ সমদল

Posted by: এন ই নাও নিউজ January 26, 2019 9:33 pm

সমগ্ৰ ৰাজ্যৰ চাৰিওফালে বিভিন্ন দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতা কৰি থকাৰ সময়তে চামগুৰিতো আজি বিধেয়কৰ বিৰোধিতাৰে ওলাই আহে বাঙলাভাষী লোকসকল।

চামগুৰিৰ পদুমণিত বাংলাভাষী লোকসকলে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে ওলাই আহি এক জোঁৰ সমদল উলিয়াই। শতাধিক গাঁওবাসীয়ে এই জোঁৰ সমদলত অংশ গ্ৰহণ কৰি শীঘ্ৰেই এই জাতিদ্ৰোহী বিধেয়কখন বাতিল কৰাৰ দাবী জনায়।

জোঁৰ সমদলত অংশ গ্ৰহণ কৰি প্ৰতিবাদকাৰী সকলে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে কেৱল খিলঞ্জীয়াই নহয় অসমত বাস কৰা বাংলাভাষী লোকসকলো বিপদৰ সন্মুখীন হ’ব। গতিকে এই বিধেয়ক বাতিলৰ দাবী জনায়।আৰু বিধেয়ক বাতিল নকৰা পৰ্যন্ত এই সংগ্ৰাম অব্যাহত ৰখাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে।