NORTHEAST NOW (Assamese)
অসম

`গীতমালা’ৰ সেই পৰিচিত কণ্ঠৰ গৰাকী কিংবদন্তি আমিন ছায়ানীৰ ৯১ বছৰত দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 21, 2024 2:23 pm

কিংবদন্তি ৰেডিঅ’ উপস্থাপক আমিন ছায়ানীৰ দেহাৱসান ঘটিছে। হৃদৰোগত আক্ৰান্ত হৈ ৯১ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। বুধবাৰে (২১ ফেব্ৰুৱাৰী) তেওঁৰ পুত্ৰ ৰাজিল ছায়ানীয়ে ছ’চিয়েল মিডিয়াত এই খবৰ সদৰী কৰে।

ৰাজিলে কয় যে তেওঁক মুম্বাইৰ এইচ এন ৰিলায়েন্স হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও তেওঁক বচাব পৰা নগ’ল। বৃহস্পতিবাৰে কিংবদন্তিগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।

১৯৩২ চনৰ ২১ ডিচেম্বৰত মুম্বাইত জন্মগ্ৰহণ কৰিছিল আমিন ছায়ানী। “বেহনো ঔৰ ভাইয়ো” – তেওঁৰ সেই সুৰীয়া কণ্ঠ আৰু আকৰ্ষণীয় শৈলীয়ে যুগ যুগ ধৰি দৰ্শকক মোহিত কৰি ৰাখিছিল। সেই কণ্ঠই আজিও প্ৰতিধ্বনিত হৈছে।

২০২৪ চনৰ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ পুৱাতে তেওঁৰ অনুৰাগীসকল এনে দুখৰ খবৰেৰে আৱেগ গধুৰ হৈ পৰিছে।

তেওঁ ইংৰাজী ভাষাৰ সম্প্ৰচাৰক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। আৰু ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁ ৰেডিঅ’ অনুষ্ঠান’ “গীতমালা”ৰ জৰিয়তে হিন্দী ভাষাত জনপ্ৰিয় হৈ উঠে।

ভাৰতীয় জনসাধাৰণৰ মনোৰঞ্জনৰ মাধ্যম হিচাপেও তেওঁ ৰেডিঅ’ক প্ৰতিষ্ঠা কৰে। ছায়ানীৰ কেৰিয়াৰ প্ৰায় ছয় দশক ধৰি চলিছিল। এই সময়ছোৱাত তেওঁ ৫৪,০০০ৰো অধিক ৰেডিঅ’ অনুষ্ঠান আৰু ১৯,০০০ৰো অধিক নেপথ্য কণ্ঠ প্ৰস্তুত তথা উপস্থান কৰিছিল।

আমিন ছায়ানীয়ে অভিনয়তো পদাৰ্পন কৰিছিল। তেওঁ মুম্বাইত নিয়মিতভাৱে তাৰকাৰে ভৰা অনুষ্ঠানত সঞ্চালনাৰ কামো কৰিছিল।