NORTHEAST NOW (Assamese)
Popular Stories

Love In The Time Of War: ঠিক যেন বাস্তৱৰ বাৰ্বি, অপূৰ্ব সুন্দৰীৰ প্ৰেমত মচগুল পুটিন; বয়স মাত্ৰ ৩২ বছৰে সৰু!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 21, 2024 3:21 pm

এপিনে যুদ্ধ, আনপিনে প্ৰেমত মচগুল পুটিন। তাকো এলাপেচা নহয়, একেবাৰে চালে চকু ৰোৱা অপূৰ্ব সুন্দৰী যুৱতী। দেখাত বাৰ্বিৰ দৰে!

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন বৰ্তমান প্ৰেমত পৰিছে। তেওঁৰ প্ৰেমিকাৰ নাম একাটেৰিনা কাটিয়া মিজুলিনা। পুটিনৰ লগত বয়সৰ পাৰ্থক্য মাত্ৰ ৩২ বছৰ!

নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদন অনুসৰি ৩৯ বছৰীয়া একাটেৰিনাই ৭০ বছৰীয়া পুটিনৰ হৃদয় দখল কৰিছে। পেছাত তেওঁ এগৰাকী আৰ্ট হিষ্টোৰিয়ান। তেওঁ ক্ৰেমলিনপন্থী ইণ্টাৰনেট লীগৰ মুৰব্বী, যাৰ অন্যতম কাম হৈছে ৰাছিয়া আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সমালোচনা প্ৰতিৰোধ কৰা।

লগতে পঢ়কঃ  `গীতমালা’ৰ সেই পৰিচিত কণ্ঠৰ গৰাকী কিংবদন্তি আমিন ছায়ানীৰ ৯১ বছৰত দেহাৱসান

কাটিয়াৰ মাতৃও পুটিন সমৰ্থক। চিনেটৰ ইলিনা মিজুলিনাৰ কন্যা পুটিনৰ প্ৰেমিক।

সূত্ৰ অনুসৰি কাতিয়া পুটিনৰ সম্পূৰ্ণ মনৰ গৰাকী। পুটিনে সদায় বাৰ্বিৰ দৰে দেখা ছোৱালীবোৰ ভাল পায়, আৰু কাটিয়াক সম্পূৰ্ণ বাৰ্বিৰ দৰে দেখা যায়।

উল্লেখ্য যে ২০১৪ চনত ৭১ বছৰীয়া ভ্লাদিমিৰ পুটিনে বিবাহ বিচ্ছেদ কৰিছিল। তেতিয়া তেওঁৰ অলিম্পিক জিমনাষ্ট আলিনা কাবায়েভাৰ সৈতে সম্পৰ্কত আছিল। তেওঁলোকৰ তিনিটা সন্তানো আছে।

শেহতীয়াকৈ তেওঁলোকৰ মাজত বিচ্ছেদ ঘটিল। ইয়াৰ পিছত পুটিন কাটিয়াৰ প্ৰেমত পৰিল। নতুন প্ৰেম, গতিকে কোনেও এতিয়ালৈকে এই সম্পৰ্কক লৈ মুকলিকৈ কোৱা নাই।

লগতে পঢ়কঃ কোহলী-অনুষ্কাৰ সংসাৰলৈ নতুন সন্তান: সন্তানৰ নাম প্ৰকাশৰ পিছতেই ব্যাপক চৰ্চা

বাতৰি অনুসৰি, কাটিয়াই ২০০৪ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা কলা ইতিহাস আৰু ইণ্ডোনেছিয়ান ভাষাত ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ চীনত ৰাছিয়াৰ প্ৰতিনিধি দলৰ অনুবাদক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। ২০১৭ চনত ইণ্টাৰনেট লীগত যোগদান কৰিছিল।

ইয়াৰ পূৰ্বে যেতিয়া পুটিনে কাবায়েভাৰ প্ৰেমত পৰিছিল তেতিয়া তেওঁৰ বাবে কোটি কোটি টকা খৰচ কৰা বুলি দাবী কৰা হৈছিল। ভালডাই হ্ৰদৰ ওপৰত থকা ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বিশাল ভিলাত থাকে কাবায়েভা।