NORTHEAST NOW (Assamese)
অসম

নজিৰ! ৩০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ ৪০৩ খন আসনতে কংগ্ৰেছৰ প্ৰাৰ্থী

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 4, 2022 8:15 pm

দেশৰ এখন বৃহত্তম ৰাজ্য আৰু এটা বৃহত্তম ৰাজনৈতিক দল। দেশৰ বৃহত্তম ৰাজ্য উত্তৰ প্ৰদেশত পিছে বিগত তিনি দশক ধৰি বৃহত্তম দল কংগ্ৰেছে খোপনি পুতিব পৰা নাই।

অলপতে অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে ৩০ বছৰৰ পিছত ৰাজ্য খনৰ ৪০৩ খন আসনতে প্ৰাৰ্থী দিব। এই কথা ঘোষণা কৰিছে  কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ।

আজি কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে গাজিয়াবাদৰ চাহিবাবাদত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়।

এইবাৰ সমষ্টিটোত কংগ্ৰেছ প্ৰয়াত নেতা ৰাজীৱ ত্যাগীৰ পত্নী সংগীতা ত্যাগী প্ৰাৰ্থী হিচাবে অৱতীৰ্ণ হৈছে।

কালি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বুলন্দচহৰত কেইবাখনো জনসভাত অংশগ্ৰহণ কৰিছিল।

প্ৰিয়ংকাই প্ৰতিখন জনসভাতে ৰাইজৰ সমৰ্থন বিচাৰি কৈছে —’জাতি বা ধৰ্মৰ নহয়, উন্নয়নৰ বিষয়ত নিৰ্বাচন অনুষ্ঠিত হোৱা উচিত’।