NORTHEAST NOW (Assamese)
Popular Stories

৪৬,০০ লোকক হোম কোৱাৰাণ্টেইন, ২৪৭ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু দিল্লী চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 7, 2020 8:07 pm
virus-quarantine-ani

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ২১ দিনীয়া ল’কডাউন চলি থকাৰ মাজতে দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰে দিল্লীত ৪৬,০০০ লোকক হোম কাৱাৰাণ্টেইন কৰিছে।দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগে এই কথা জানিবলৈ দিছে।

এই ক্ষেত্ৰত দিল্লী চৰকাৰে কিছুমান অভিনৱ পদ্ধিতও গ্ৰহণ কৰা দেখা গৈছে। দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগে ৰঙা আৰু সেউজীয়া ৰঙৰ একোটা ষ্টীকাৰ কোৱাৰাণ্টেইন হোমৰ আগফালে লগাই দিছে, য’ত লিখা আছে ‘অনুগ্ৰহ কৰি হোমা কোৱাৰাণ্টেইন গৃহত প্ৰৱেশ নকৰিব।’

স্বাস্থ্য বিভাগৰ তথ্যৰ মতে যোৱা ৬ এপ্ৰিলৰ লৈকে কোৱাৰাণ্টেইনত ২২,৯৩১ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ হৈছে। কোৱাৰাণ্টেইনত থকা আৰু ২১,৮৫৩ জন লোকৰ পৰীক্ষা কৰিবলৈ বাকী আছে। এই আটাইবোৰ লোকক ক’ৰ’না আক্ৰান্তৰ লোকৰ সৈতে সংস্পৰ্শলৈ আহিছিল বুলি প্ৰকাশ স্বাস্থ্য বিভাগৰ।

ইয়াৰে প্ৰথম পৰ্যায়ত ৫,৬৯৩ গৰাকী লোকৰ ১৪ দিনীয়া কোৱাৰাণ্টেইন ইতিমধ্যে সম্পূৰ্ণ হৈছে।

আনহাতে ২১,৮৫৩ গৰাকী ভ্ৰমণ সম্পৰ্কীয় কাৰণত স্বাস্থ্যৰ নমূনা পৰীক্ষা লোকেও কোৱাৰাণ্টেইন সম্পূৰ্ণ কৰিছে।

দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্যৰ মতে বৰ্তমান ইয়াৰে ১৮,৩৮২ গৰাকী লোক কোৱাৰাণ্টেইনত আছে।

আনহাতে বিগত সময়ত কোৱাৰাণ্টেইনৰ নীতি ভংগৰ অপৰাধ দিল্লী চৰকাৰে ২৪৭ জনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ কৰিছে।