NORTHEAST NOW (Assamese)

হিমা দাসক য়ুনাইটেড ব্ৰাদাৰ্ছ ক্লাবৰ ‘অসম শ্ৰেষ্ঠ খেলুৱৈ বঁটা’ প্ৰদান কৰিলে মুখ্য মন্ত্ৰীয়ে

July 1, 2018 8:51 pm · এন ই নাও নিউজ

বৰ্তমান দেশৰ দ্ৰুততম মহিলা হিচাপে অসমলৈ গৌৰৱ কঢ়িয়াই অনা হিমা দাসক আজি ১ জুলাইত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইউনাইটেড ব্ৰাদাৰ্ছ ক্লাবে আগবঢ়োৱা ইউ বি চি অসম শ্ৰেষ্ঠ খেলুৱৈ বঁটা প্ৰদান কৰে।

একেটা অনুষ্ঠানতে ক্ৰিকেট খেলুৱৈ ৰিয়ান পৰাগলৈ উদীয়মান খেলুৱৈ বঁটা আৰু ৰাজ্যৰ আন ১৬গৰাকী খেলুৱৈলৈও বঁটা আগবঢ়োৱা হয়।

খেলুৱৈসকলক বঁটা প্ৰদানেৰে উৎসাহিত কৰি অহাৰ বাবে ক্লাবটোক ধন্যবাদ জ্ঞাপন কৰি মুখ্য মন্ত্ৰীয়ে কয় যে খেলক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে ৰাজ্য চৰকাৰে ক্ৰীড়া নীতি গ্ৰহণ কৰিছে।

মুখ্য মন্ত্ৰীয়ে ক্ৰীড়াক উদ্যোগ হিচাপে গ্ৰহণ কৰাৰ পোষকতা কৰি ক্ৰীড়াক্ষেত্ৰৰ সৈতে দেশৰ ব্যক্তিগত খণ্ড জৰিত হ’বলৈ আগবাঢ়ি অহাটো ইতিবাচক দিশ বুলি মন্তব্য কৰে।

Related News