NORTHEAST NOW (Assamese)

হৃদৰোগত আক্ৰান্ত স্নেহা : চিকিৎসাৰ বাবে সহায়ৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালটোৰ

March 13, 2018 8:19 am · কল্পজ্যোতি শইকীয়া
Updated: March 14, 2018 9:19 am

দৰিদ্ৰতাই কোঙা কৰা এটি পৰিয়াল। নগাঁও জিলাৰ কলিয়াবৰৰ নিজচিলাবন্ধা গাঁৱৰ নিবাসী নৃপেন শইকীয়া আৰু হীৰা শইকীয়াৰ একমাত্ৰ কন্যা সন্তান স্নেহা শইকীয়া(৭) আক্ৰান্ত হৃদৰোগত।

জানিব পৰা মতে, আজিৰ পৰা দুমাহ পূৰ্বে তেজপুৰ মিশ্যনেৰী  হস্পিতালত চিকিৎসকে কণমানিজনী হৃদৰোগত আক্ৰান্ত বুলি জানিবলৈ দিয়ে। এই খবৰ লাভ কৰাৰ লগে লগে স্নেহাৰ পৰিয়ালৰ মাজত সৃষ্টি হয় হুৱা-দুৱাৰ।

দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া পিতৃ নৃপেন শইকীয়াই নিজৰ জীয়ৰীৰ উন্নত চিকিৎসা কৰিবৰ বাবে সামৰ্থ নহয়। এই কণমানি স্নেহাক প্ৰয়োজন আপোনাসৱৰ অলপ মৰম তথা সঁহাৰিৰ।

 

বেংক একাউণ্টৰ সবিশেষ

দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোৱে  জীয়ৰীৰ অসুস্থতাৰ কথা অবগত হোৱাৰ পিছৰে পৰা মুৰত সৰগ খহি পৰা যেন হ’ল। জানিব পৰা মতে, এই পৰ্যন্ত কোনেও স্নেহাৰ চিকিৎসাৰ দ্বায়িত্ব ল’বলৈ আগবাঢ়ি অহা নাই।

সেয়ে কোনো হৃদয়বান লোকক এই দুৰ্ভগীয়া কণমানি গৰাকীক সহায় কৰিবৰ বাবে পৰিয়ালৰ লোকে আহ্বান জনাইছে। আৰু সহায় কৰিব বিচৰা লোকে ৭৮৯৬০৩২৬৮৪ অথবা ৯০৮৫৪৫৮৫৫১ এই নম্বৰত যোগাযোগ কৰিব পাৰে।

ইয়াৰোপৰি কণমানি গৰাকীৰ মাতৃ হীৰা দাস শইকীয়াৰ কুঁৱৰীটোলৰ লখিমী গাঁৱলীয়া বেংকৰ একাউন্ট নম্বৰ  ৭২৫৪০২৬০০৩৯০৫ আৰু বন্ধন বেংকৰ একাউন্ট নম্বৰ  ৫০১৫০০৩২০৫১৭৪২ দুটাৰ সহায়ত আৰ্থিক সাহাৰ্য প্ৰদান কৰি এইজনী কনমানিৰ ভৱিষৎ পোহৰাই তুলিব পাৰে।

তদুপৰি কণমানিজনীৰ মাতৃয়ে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো চিকিৎসাৰ সু-ব্যৱস্থা কৰি দিবৰ বাবে অনুৰোধ জনায়।

Related News