NORTHEAST NOW (Assamese)

হোজাইত বানৰ সংহাৰী ৰূপ; ৩০ খনৰো অধিক গাঁও জলমগ্ন

June 15, 2018 2:33 pm · নিখিল মুন্দ্ৰা

বিগত পাঁচদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাতো বানে কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ মুঠ ৩০ খন গাঁৱৰ ২১০ টা পৰিয়াল এই বানৰ কৱলত পৰিছে।

প্ৰশাসনে জনোৱা অনুসৰি জিলাখনৰ লংকাজান, পূৰ্ব নন্দলাপুৰ, পূব শালমাৰাজান, কটালপুৰ, শালমাৰাজান, ইছলামনগৰ, কুমৰাকাটা, দক্ষিণ কুমৰাকাটা, দীগলবৰী, মীনাপথাৰ, বৰহলা, ৰজাপুখুৰী, দেউৰীপাম, জন্তীয়াবস্তী, জুৰাংপথাৰ, দৰ্জীচিট, যমুনাচিট, দানোৱাৰবস্তী, ফকীৰাবস্তী, নাওবাংলা, হাৱাইপুৰ, তৰাডুবি, কেন্দুগুৰি, দক্ষিণ কেন্দুগুৰি, ৰাধানগৰ ১, বাকাৱাবস্তী আদি অঞ্চলত বানৰ সৰ্বাধিক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে কপিলী আৰু ডামৰু নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ থকা বুলি জানিব পৰা গৈছে আৰু এই বাঢ়নি পানীয়ে ১২০০ হেক্টৰ কৃষি ভূমিও সম্পূৰ্ণৰূপে বুৰাই পেলাইছে।

Related News