NORTHEAST NOW (Assamese)
অসম

হোজাইত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শক্তি প্ৰদৰ্শন: শীৰ্ষ নেতাৰ যোগদান

Posted by: নিখিল মুন্দ্ৰা May 4, 2018 9:56 am
Assam students need not know about RSS and it's role in nation building?

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সমগ্ৰ ৰাজ্যৰ কৰ্মীসকলক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে প্ৰতিবছৰে হোজাইৰ গীতা আশ্ৰম চৌহদত আয়োজন কৰি আহিছে প্ৰশিক্ষণ শিবিৰ। ঠিক সেইদৰে এই বছৰো যোৱা ২৩ এপ্ৰিলৰ পৰা অনুষ্ঠিত হৈছে উক্ত প্ৰশিক্ষণ শিবিৰ।

অহা ১৩ মে’ত অন্ত পৰিব লগীয়া প্ৰশিক্ষণ শিবিৰটো ভাগ কৰা হৈছে দুটা ভাগত। প্ৰথম শাখাত উত্তৰ অসম প্ৰান্তৰ মুঠ ১৭৬ গৰাকী আৰ এছ এছ সদস্যই অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। আনহাতে দ্বিতীয় শাখাত অংশ ল’ব ১৫৪ গৰাকী প্ৰশিক্ষাৰ্থীয়ে।

নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ লগত হোৱা এক্সক্লুচিভ কথা বতৰাত হোজাই জিলা প্ৰমুখ যাদৱ ভাণ্ডাৰীয়ে কয়, ‘২০ দিনলৈ ধাৰাবাহিকভাৱে এই প্ৰশিক্ষণ শিবিৰ চলি থাকিব। এই শিবিৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰশিক্ষাৰ্থীসকলক শাৰিৰীক ব্যায়াম, সামাজিক দায়বদ্ধতা, ঐতিহাসিক জ্ঞান, স্বাধীনতা সংগ্ৰামী লোকসকলৰ বিষয়ে তথা বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব’।

অখিল ভাৰতীয় শাৰিৰীক শিক্ষণ প্ৰমুখ সুনীল কুলকাৰ্নি আৰু অখিল ভাৰতীয় বৌদ্ধিক প্ৰমুখ স্বান্ত ৰঞ্জনে ইতিমধ্যে শিবিৰলৈ আহি প্ৰশিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ বৌদ্ধিক চিন্তাধাৰা প্ৰশিক্ষাৰ্থীসকলৰ আগত বিলাই দিয়া বুলি জনায় যাদৱ ভাণ্ডাৰীয়ে।

ইয়াৰ উপৰি তেওঁ জানিবলৈ দিয়ে যে আৰ এছ এছৰ বহুতো শীৰ্ষ পৰ্যায়ৰ বিষয়া পৰৱৰ্তী সময়ত প্ৰশিক্ষণ শিবিৰলৈ অহাৰ লগতে ১৩ মে’ৰ বিয়লি ৩.৩০ বজাত এই শিবিৰৰ অন্ত পৰিব।

RSS-1-300x89

উল্লেখ্য যে  বৃহস্পতিবাৰে প্ৰশিক্ষণ শিবিৰৰ প্ৰথম শাখাৰ প্ৰশিক্ষাৰ্থীসকলে হোজাই নিউ মাৰ্কেটত এক সমদল উলিয়াই আৰ এছ এছৰ শক্তি প্ৰদৰ্শন কৰা হয়। আৰু অহা ৮ মে’ত দ্বিতীয় শাখাৰ প্ৰশিক্ষাৰ্থীসকলে চহৰখনত দ্বিতীয়টো সমদল উলিয়াব বুলি জানিব পৰা গৈছে।

হোজাই জিলা প্ৰমুখগৰাকীয়ে লগতে কয় যে এই প্ৰশিক্ষণ শিবিৰ আৰম্ভ হোৱাৰ পূৰ্বে ড০ ডি চি দাসক সভাপতি আৰু যাদৱ ভাণ্ডাৰীক সম্পাদক হিচাপে লৈ এখন আদৰণী সমিতিও গঠন কৰা হয়।