NORTHEAST NOW (Assamese)

হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়ত খালী শিক্ষকৰ পদ পূৰণ কৰা হ’ব অচিৰেই

March 14, 2018 10:46 am · এন ই নাও নিউজ

পদোন্নতিৰ জৰিয়তে অসমৰ হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়কেইখনত খালী হৈ থকা শিক্ষকৰ পদসমূহ অচিৰেই পূৰ কৰিব ৰাজ্য চৰকাৰে। সদনত কংগ্রেছৰ বিধায়ক জাকিৰ হুছেইনে সোধা এটা প্ৰশ্নৰ উত্তৰত এই কথা জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীজনে জনোৱা মতে, গুৱাহাটী, নগাওঁ আৰু যোৰহাটৰ হোমিঅ’পেথিক চিকিৎসালয়ত মুঠ ১৩টাকৈ শিক্ষকৰ পদ খালী হৈ আছে। ইয়াৰে এটা পদ গুৱাহাটীৰ চহিদ যাদৱ নাথ সোঁৱৰণী হোমিঅ’পেথিক চিকিৎসালয়ত আৰু বাকী ১২ টা আন দুখন চিকিৎসালয়ত খালী হৈ আছে। প্ৰয়োজনীয় সেৱাবিধি নথকা বাবে এই পদোন্নতিত বাধা অহাৰ কথা ব্যক্ত কৰি মন্ত্ৰীজনে এই বাধা আঁতৰাবৰ বাবে সচিব পৰ্য্যায়ত আলোচনা কৰি চৰকাৰে সিদ্ধান্ত ল’ব বুলি জনায়। প্ৰতিখন হোমিঅ’পেথিক মহাবিদ্যালয়লৈ ২ কোটিকৈ টকাৰ পুঁজি আগ বঢ়াব বুলিও মন্ত্ৰীজনে জনায়।

উল্লেখযোগ্য যে যোৱা ২৮ ফেব্ৰুৱাৰিত অসমৰ হোমিঅ’পেথিক মহাবিদ্যালয়কেইখনৰ কনিষ্ঠ চিকিৎসকসকলে নিযুক্তি মুকলি কৰা আৰু অন্যান্য দাবী লৈ হোমিঅ’পেথিক ছাত্ৰ সন্থাৰ অধীনত সমৱেত হৈ দিচপুৰত ধৰ্ণা দিছিল। উক্ত ধৰ্ণা কাৰ্য্যসূচীত আৰক্ষীয়ে নিৰ্মমভাৱে লাঠীচালনা কৰাত বহুকেইজন আঘাতপ্ৰাপ্ত হৈছিল। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা মতে ১৯৯৭ চনৰ পৰা কোনো ধৰণৰ নিযুক্তি নাই হোমিঅ’পেথিক চিকিৎসাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীৰ।

শূন্যকালত সোধা উক্ত প্ৰশ্নৰ মাজতে যোৱা ২৮ ফেব্ৰুৱাৰিত ধৰ্ণা দিয়া অসমৰ হোমিঅ’পেথিক মহাবিদ্যালয়কেইখনৰ কনিষ্ঠ চিকিৎসকসকলৰ ওপৰত নিৰ্মম লাঠীচালনাৰ প্ৰসংগ উলিওৱাত স্বাস্থ্য মন্ত্ৰীজনে তেওঁ এই বিষয়ত একো নাজানে, গৃহ বিভাগেহে জানিব বুলি উত্তৰ দিয়ে।

Related News