NORTHEAST NOW (Assamese)
অসম

১০০ বছৰতো অসমৰ পৰা বিদেশী খেদা সম্ভৱ নহ’ব : সাংসদ নৱ শৰণীয়া

Posted by: এন ই নাও নিউজ June 13, 2018 8:02 am
naba sarania

‘অসম চুক্তি ৰূপায়ণ হোৱা বহু বছৰ হ’ল। কিন্তু আজিলৈ এজনো বাংলাদেশী খেদিব পৰা নাই। সেয়ে এন আৰ চি সম্পূৰ্ণ হ’লেও বিদেশী খেদা সম্ভৱ নহয়। আনকি ১০০ বছৰতো এই কাৰ্য অসম্ভৱ’। সাংসদ নৱ কুমাৰ শৰণীয়াই এইদৰে মন্তব্য কৰে।

‘সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চ’ নামৰ নতুন ছাত্ৰ সংগঠন এটাৰ জন্ম অনুষ্ঠানত উপস্থিত থাকি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই এইদৰে কয়। তেওঁ লগতে কয়- ‘বি টি এ ডি অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মৌলিক সমস্যাসমূহৰ ক্ষেত্ৰত প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ ফলতেই অঞ্চলটোৰ ৰাইজে বিকল্প হিচাপে ‘সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চ’ নামেৰে এই নতুন সংগঠনটোৰ জন্ম দিয়ে।

সাংসদ শৰণীয়াই এই অনুষ্ঠানতে কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত অমানৱীয় কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে।

ডকমকা হত্যাকাণ্ড সন্দৰ্ভত শৰণীয়াই কয়, ‘কেৱল সোপাধৰাৰ উৰাবাতৰিৰ বাবেই উক্ত হত্যাকাণ্ড সংঘটিত হোৱা নাই। ইয়াৰ মাজত এটা বৃহৎ ‘কিন্তু’ লুকাই আছে। তদন্তৰ প্ৰক্ৰিয়া অন্ত পৰাৰ পাছতহে ইয়াৰ প্ৰকৃত সত্য ওলাই পৰিব’।